নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী যুৱতীক গণধৰ্ষণ কৰাৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ বলপূৰ্বকভাৱে দাহ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ পৰিছে বহু লোক ৷
বাঘপাট জিলাৰ নিৰপুড়া গাঁৱৰ প্ৰধান গৰাকীয়ে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ উদ্দেশ্য আমৰণ অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যেতিয়ালৈ দোষীয়ে শাস্তি লাভ নকৰে তেতিয়ালৈ তেওঁ সেই অনশন অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৷
শনিবাৰে পুৱাৰ পৰা গাঁওখনৰ প্ৰধান মুনেশ দেৱীয়ে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে ৷ হাথৰস কাণ্ডক তীব্ৰ গৰিহণা প্ৰদান কৰি তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে এখন পত্ৰও প্ৰেৰণ কৰে ৷
গাঁও প্ৰধান গৰাকীয়ে উল্লেক কৰে যে, "এনে ধৰণৰ ঘটনাই আমাৰ দেশত নাৰী কিমান অসুৰক্ষিত তাকেই দৰ্শায় ৷ অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে মই মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছো ৷"