অসম

assam

By

Published : Aug 14, 2020, 7:14 AM IST

ETV Bharat / bharat

বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

বাংলাদেশলৈ ভাৰতৰ উচ্চ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে বিক্ৰম কুমাৰ দোৰাইস্বামীক ৷ সম্প্ৰতি তেখেত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ আছে ৷

Vikram Kumar Doraiswami appointed India's next envoy to Bangladesh
বাংলাদেশত পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

নেশ্যনেল ডেক্স, 14 আগষ্টঃ1992 চনৰ বৈদেশিক সেৱা বিষয়া বিক্ৰম কুমাৰ দোৰাইস্বামীক বাংলাদেশলৈ ভাৰতৰ উচ্চ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ৷ সম্প্ৰতি তেখেত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত হৈ আছে ৷ ঢাকাত ৰিভা গাংগুলি দাসৰ ঠাইত অতি শীঘ্ৰে কাৰ্যভাৰ গ্ৰহণ কৰিব দোৰাইস্বামীয়ে ৷

ইয়াৰ পূৰ্বে তেখেতে কোৰিয়া আৰু উজবেকিস্তানত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হৈ আছিল ৷ তেখেতে 1992 চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল ৷ আনহাতে, চৰকাৰী সেৱাত যোগদানৰ পূৰ্বে তেখেত সাংবাদিক হিচাপেও কৰ্মৰত আছিল ৷

লগতে পঢ়ক-আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়

ABOUT THE AUTHOR

...view details