অসম

assam

ETV Bharat / bharat

গেংষ্টাৰ বিকাশ ডুবেৰ পলায়ন,দুই সহযোগীক আটক - গেংষ্টাৰ বিকাশ ডুবে

কাণপুৰত 8 আৰক্ষী কৰ্মীক হত্যা কৰা গেংষ্টাৰ বিকাশ ডুবে হাৰিয়ানাৰ ফৰিদাবাদৰ এখন হোটেলত আত্মগোপন কৰি থকা খবৰ পোৱা যায় । কিন্তু আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰে ডুবেয়ে । অৱশ্যে আৰক্ষীয়ে দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

Vikas Dubey flees Faridabad hotel before police arrival, 2 aides detained
Vikas Dubey flees Faridabad hotel before police arrival, 2 aides detainedVikas Dubey flees Faridabad hotel before police arrival, 2 aides detained

By

Published : Jul 8, 2020, 12:32 PM IST

নিউজ ডেস্ক, 8 জুলাই : হাৰিয়ানাৰ ফৰিদাবাদত গেংষ্টাৰ বিকাশ ডুবেৰ আত্মগোপন কৰি থকা খবৰ লাভ কৰাৰ পাচতেই বুধবাৰে হাৰিয়ানা আৰক্ষীক হাই এলাৰ্ট কৰা হয় । কিন্তু আৰক্ষী বিকাশ ডুবেয়ে আত্মগোপন কৰি থকা হোটলখনত গৈ পোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰে বিকাশ ডুবেয়ে । আৰক্ষীয়ে চিচিটিভি ফোটেজ চোৱাৰ পাচত বিকাশৰ উপস্থিতি নিশ্চিত কৰে । ক'লা চাৰ্ট আৰু জিনছ,মাস্ক পৰিধান কৰি ৰৈ ৰথা দেখা পোৱা যায় দুৰ্ধৰ্ষ গেংষ্টাৰজনক । আনহাতে আন এটা ফুটেজত বেগলৈ গাড়ীৰ বাবে ৰৈ থকা দেখা পোৱা গৈছে ডুবেক ।

গেংষ্টাৰ বিকাশ ডুবেৰ পলায়ন, দুই সহযোগীক আটক

অৱশ্যে হোটেলৰ পৰা আৰক্ষীয়ে বিকাশ ডুবেৰ দুই সহযোগীক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত এজন হৈছে বিকাশৰ ভতিজা প্ৰভাত মিশ্ৰ ওৰফে কাৰ্তিকেয়া। আৰক্ষীয়ে মিশ্ৰৰ পৰা দুটা পিষ্টলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

অনুসন্ধানকাৰীৰ তথ্যৰ মতে,ভুৱা পৰিচয় পত্ৰৰে বাদখেল চৌকৰ এখন হোটেলত আশ্ৰয় লৈ আছিল ডুবেয়ে।

ৰাজস্থান চিআইএ,উত্তৰ প্ৰদেশ এছটিএফ আৰু ফৰিদাবাদ চিআইএয়ে যুটীয়া ভাৱে হোটেলখনত অভিযান চলায় ডুবেৰ দুই সহযোগীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুয়োয়ে হোটেলত ডুবেৰ উপস্থিতি স্বীকাৰ কৰে। হোটেল কৰ্তৃপক্ষৰ মতে,অংকুৰ নামেৰে আশ্ৰয় গ্ৰহণ কৰিছিল ডুবেয়ে ।

বৰ্তমানে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গুৰুগ্ৰামত বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰাৰ বাবে সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে । এই ঘটনা সন্দৰ্ভত বহু কেইগৰাকী আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে যদিও উত্তৰ প্ৰদেশ এটিএছয়ে বৰ্তমানলৈকে ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, যোৱা 3 জুনত কাণপুৰৰ চৌওবেপুৰ এলেকাৰ বিক্ৰু গাঁৱত ডুবে আৰু তেওঁৰ গেঙটোৱে দিন-দুপৰতেই মুঠ 8 গৰাকী আৰক্ষী কৰ্মীক গুলীয়াই হত্যা কৰিছিল । এই আক্ৰমণত আহত হৈছিল ছয়গৰাকীকৈ ।

ইতিমধ্যে আৰক্ষীয়ে ডুবেৰ সন্ধান দিব পৰা পুৰস্কাৰৰ ৰাশি 2.5 লাখলৈ বৃদ্ধি কৰিছে । আনহাতে বিভিন্ন ঠাইত গেংষ্টাৰ বিকাশ ডুবেৰ প'ষ্টাৰ আঁৰিছে আৰক্ষীয়ে ।

লগতে চাওকঃ বহিৰাগত বনিয়া গোষ্ঠীক অসমৰ মাটি দিয়া কাণ্ডৰ বিৰোধিতা অজিত কুমাৰ ভূঞাৰ

ABOUT THE AUTHOR

...view details