অসম

assam

By

Published : Jul 16, 2020, 5:05 PM IST

ETV Bharat / bharat

গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচত মংগলবাৰে গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী শাশিকান্ত পাণ্ডেক গ্ৰেপ্তাৰ কৰাৰ পিচতে পাণ্ডেৰ পত্নী মনুৰ তৃতীয়টো অ'ডিঅ ক্লিপ চছিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে ৷ উক্ত অ'ডিঅ ক্লিপটোত মনু পাণ্ডে অপৰাধী সকলৰ ভিতৰৰ এজনৰ সৈতে কথা পতা শুনা পোৱা গৈছে ৷ যিজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছিল ৷ লগতে,ক্লিপটোৰ পৰা এয়াও গম পোৱা গৈছিল যে,কাণপুৰৰ বিকৰু গাঁৱত আৰক্ষীৰ দলক আক্ৰমণ কৰা ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল ৷

Vikas Dubey encounter: Third audio clip of Shashikant Pandey's wife goes viral
গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

নিউজ ডেস্ক, 16 জুলাই :উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচত মঙলবাৰে গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী শাশিকান্ত পাণ্ডেক গ্ৰেপ্তাৰ কৰাৰ পিচতে পাণ্ডেৰ পত্নী মনুৰ তৃতীয়টো অ'ডিঅ ক্লিপ চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে ৷

গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

উক্ত অ'ডিঅ ক্লিপটোত মনু পাণ্ডে অপৰাধী সকলৰ ভিতৰৰ এজনৰ সৈতে কথা পতা শুনা পোৱা গৈছে ৷ যিজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছিল ৷ লগতে, ক্লিপটোৰ পৰা এয়াও গম পোৱা গৈছিল যে,কাণপুৰৰ বিকৰু গাঁৱত আৰক্ষীৰ দলক আক্ৰমণ কৰা ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল ৷ আনহাতে,ক্লিপটোত বিকৰু গাঁৱত আৰক্ষী উপস্থিত হোৱাৰ আগতে তেওঁলোকে ফোনত সংযুক্ত হৈছিল ৷

উল্লেখযোগ্য যে, মনু পাণ্ডেৰ চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা এইটো তৃতীয়টো অ'ডিঅ ক্লিপ ৷ ইয়াৰ আগতে,দ্ধিতীয়টো ক্লিপত মনু পাণ্ডে তেওঁৰ এগৰাকী আত্মীয়ৰ সৈতে কথা পতা শুনা পোৱা গৈছিল ৷ যি গৰাকী ব্যক্তিয়ে মনু পাণ্ডেক ততালিকে তেওঁৰ ফোন নম্বৰ সলনি কৰিবলৈ অনুৰোধ কৰা হৈছিল ৷ উক্ত ক্লিপটোত মনু পাণ্ডেক এগৰাকী মহিলা আত্মীয়ৰ সৈতে বাৰ্তালাপ কৰা শুনা পোৱা গৈছিল ৷ য'ত আৰক্ষীৰ হত্যাকাণ্ডৰ ওপৰত পৰামৰ্শ লোৱা দেখা পোৱা গৈছিল ৷ লগতে,মনু পাণ্ডেই মহিলা গৰাকীৰ সৈতে পৰৱৰ্তী সময়ত কি কৰিব সেয়াও শুনা পোৱা গৈছিল ৷

লগতে পঢ়ক: বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details