অসম

assam

ETV Bharat / bharat

বিকাশ ডুবে এনকাউন্টাৰ তদন্ত কমিটিত পুনৰ দুজন সদস্য অন্তৰ্ভুক্ত - বিকাশ ডুবেৰ এনকাউন্টাৰ তদন্ত কমিটিত পুনৰ দুজন সদস্য অন্তৰ্ভুক্তৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ

কাণপুৰ গেংগষ্টাৰ বিকাশ ডুবেৰ এনকাউন্টাৰ সন্দৰ্ভত গঠন কৰা তদন্ত কমিটিত পুনৰ দুগৰাকী সদস্য অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ । এজন প্ৰাক্তন ন্য়ায়াধীশ আৰু এজন অৱসৰপ্ৰাপ্ত আৰক্ষীক অন্তৰ্ভুক্ত কৰিব এই তদন্ত কমিটিত ।

 গেংগষ্টাৰ বিকাশ ডুবে
গেংগষ্টাৰ বিকাশ ডুবে

By

Published : Jul 20, 2020, 5:31 PM IST

Updated : Jul 20, 2020, 7:05 PM IST

নিউজ ডেস্ক, ২০ জুলাইঃ উত্তৰ প্ৰদেশৰ গেংগষ্টাৰ বিকাশ ডুবেৰ এনকাউণ্টাৰ সন্দৰ্ভত গঠন কৰা তদন্ত কমিটিত পুনৰ দুগৰাকীকৈ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্য়ায়াধীশ আৰু এজন অৱসৰপ্ৰাপ্ত আৰক্ষীক তদন্ত কিমিটিত অন্তৰ্ভুক্ত কৰিব বুলি সোমবাৰে সদৰি কৰে উচ্চতম ন্যায়ালয়ে ।

বিকাশ ডুবে এনকাউন্টাৰ তদন্ত কমিটিত পুনৰ দুজন সদস্য অন্তৰ্ভুক্ত

তাৰোপৰি গেংষ্টাকৰ বিকাশ ডুবেৰ বিৰুদ্ধে একাধিক গোচৰ থকা পাচতো কেনেদৰে জামিন পাইছিল তাৰ ওপৰতো সন্দেহ প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এছ এ বোবডেৰ অধ্যক্ষতাত বহা বিচাৰপীঠে বিকাশ ডুবে আৰু সহযোগীৰ এনকাউণ্টাৰ সন্দৰ্ভত শীৰ্ষ আদালতত দাখিল কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । আৰু উক্ত শুনানিতে উত্তৰ প্ৰদেশৰ চৰকাৰক ৰাজ্যখনত আইন তথা শাসন ব্যৱস্থা সূচাৰুৰূপে পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰোপৰি বিকাশ ডুবেৰ এনকাউণ্টাৰ তদন্ত কমিটিত উচ্চতন ন্যায়ালয়ৰ ন্যায়ধীশক অন্তৰ্ভুক্ত কৰিব নোৱাৰে বুলিও মত প্ৰকাশ কৰে ।

আনহাতে, ছলিছিটাৰ জেনেৰেল তুষাৰ মেহতাই উত্তৰ প্ৰদেশৰ পক্ষে উপস্থিত হৈ ঘটনা সন্দৰ্ভত আদালতৰ পৰা নিৰ্দেশনা গ্ৰহণ তথা এই বিষয়ে আদালতত মিলিত হ'বলৈ কিছু দিন সময় দিবলৈ আহ্বান জনাই ।

উল্লেখ্য যে, বিগত ১০ জুলাইৰ পুৱা উজ্জয়ীনিৰ পৰা কাণপুৰ অভিমুখে আৰক্ষীয়ে বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰি লৈ আহি থকা সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় আৰক্ষীৰ গাড়ীখন । আৰু তেতিয়াই গেংগষ্টাৰ বিকাশ ডুবে দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা পলায়ন কৰিবলৈ প্ৰয়াস কৰাৰ সময়তে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বিকাশ ডুবে নিহত হয় বুলি আৰক্ষীয়ে সদৰি কৰে ।

লগতে চাওকঃ ৰক্তপাত আৰু ছদ্মাৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট

Last Updated : Jul 20, 2020, 7:05 PM IST

ABOUT THE AUTHOR

...view details