নেশ্যনেল ডেস্ক, 20 জুলাই :দেওবাৰে আহি পোৱা উত্তৰ প্ৰদেশৰ খলনায়ক বিকাশ ডুবেৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টত উল্লেখিত অনুসৰি তেওঁৰ ৰক্তপাত আৰু আতংকৰ বাবে মৃত্যু হয় আৰু এণ্টি-মোৰ্টাম বন্দুকৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল গেংগষ্টাৰ ডুবে ৷
উল্লেখ্য যে,ডুবেৰ মৃত্যুৰ পাচত তেওঁৰ ক'ভিড-19ৰ পৰীক্ষা কৰা হৈছিল আৰু ফলাফলত ক'ভিড নিগেটিভ ধৰা পৰে ৷
যোৱা 3 জুলাইত গেংগষ্টাৰ ডুবেৰ গুণ্ডা বাহিনীৰ দ্বাৰা কাণপুৰৰ বিক্ৰু গাঁৱত 8 গৰাকী আৰক্ষীক গুলিয়াই হত্যা কৰা হৈছিল ৷ ইয়াৰ পাচতে 9 জুলাইত মধ্য প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই উজ্জয়িনীত বিকাশ ডুবেক আটক কৰিবলৈ সক্ষম হয় যদিও তেওঁ পলাই যাবলৈ সক্ষম হয় ৷
10 জুলাইত তেওঁক কাণপৰলৈ লৈ যোৱা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁ ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৷ পলায়নৰ চেষ্টাৰ সময়ছোৱাতে সংঘটিত হোৱা এক গুলিয়াগুলিত খলনায়ক ডুবেৰ মৃত্যু হয় ৷
লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক বিবাদ : উচ্চ ন্যায়ালয়ত পাইলটৰ গোচৰৰ শুনানি আৰম্ভ