অসম

assam

ETV Bharat / bharat

পলাতক বিজয় মালিয়াক দেউলীয়াৰ পৰা পুণৰ উদ্ধাৰ ইউ কে উচ্চ ন্য়ায়ালয়ৰ - বিজয় মালিয়া

ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত দেউলীয়া ঘোষণা কৰিবৰ বাবে দাখিল কৰা এখন য়াচিকাৰ শুনানিত ইউ কেৰ উচ্চ ন্যায়ালয়ে সুৰা ব্যৱসায়ী জনক 1.145 বিলিয়ন ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা থকা বুলি ঘোষণা কৰে ।

বিজয়
বিজয়

By

Published : Apr 10, 2020, 5:12 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিলঃ ভাৰতৰ পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়ালৈ সকাহ ইউ কেৰ উচ্চ ন্যায়ালয়ৰ । ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত দেউলীয়া ঘোষণা কৰিবৰ বাবে দাখিল কৰা এখন য়াচিকাৰ শুনানিত ইউ কেৰ উচ্চ ন্যায়ালয়ে সুৰা ব্যৱসায়ী জনক 1.145 বিলিয়ন ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা থকা বুলি ঘোষণা কৰে ।

মালিয়াক সকাহ প্ৰদান কৰা এই ৰায় বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই ৰায় প্ৰদান কৰি কয় যে, এতিয়াই এইধৰণৰ প্ৰদেক্ষপ গ্ৰহণ কৰি কোনো লাভজনক ফল পোৱা নাযাব ।

ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক সমূহে ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত বিজয় মালিয়াৰ বিৰুদ্ধে 1.145 বিলিয়ন অনাদায়কৃত ধনৰ বাবে দেউলীয়া ঘোষণা কৰাৰ বাবে য়াচিকা দাখিল কৰিছিল ।

মালিয়াৰ বিৰুদ্ধে 9000 কোটি টকাৰ ঠকবাজি আৰু ধন আত্মসাতৰ অভিযোগ বৃটেইনৰ আদালতত আছে, য'ত ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বাবে আবেদন জনোৱা হৈছিল ।

ABOUT THE AUTHOR

...view details