নিউজ ডেস্ক, ১১ মাৰ্চ : তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হ'ব ভাৰতীয় বৈদেশিক সচিব বিজয় গোখালে। ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বাবে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰিব বিজয় গোখালে।
মাইক পম্পিঅ'ক সাক্ষাৎ ভাৰতীয় বৈদেশিক সচিবৰ
ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়নৰ বাবে আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পিঅ'ক সাক্ষাৎ কৰিব বিজয় গোখালে।
etv bharat
পম্পিঅ'ৰ সৈতে ৱাচিংটন ডি চিত ফৰেইন অফিচ কনচাল্টেচনৰো আয়োজন কৰিব ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে। ভাৰত-আমেৰিকাৰ যৌথ সম্পৰ্ক আৰু বৈদেশিক আঁচনিৰ উন্নয়নক বিশেষভাৱে ফঁহিয়াই চোৱা হ'ব এই সাক্ষাৎকাৰত। অৰ্থনীতি-নিৰাপত্তা ইত্যাদি বিষয়তো আলোচনাত মিলিত হ'ব ভাৰত আৰু আমেৰিকা। এই ভ্ৰমণকালতেই ইউ এচ কংগ্ৰেছ আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াকো সাক্ষাৎ কৰিব বিজয় গোখালে।