অসম

assam

By

Published : Jun 19, 2020, 5:09 AM IST

ETV Bharat / bharat

কিয় এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলীক ?

শেহতীয়াকৈ বিশ্বব্যাপী সংবাদ শীৰ্ষ দখল কৰা গালৱান ভেলীৰ অতীত তথা ঐতিহ্য বিচাৰি ইটিভি ভাৰত উপস্থিত হৈছিল এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত ৷ যাৰ আজোককাৰ নামেৰে এই ঠাইখিনিক নামাংকন কৰা হৈছিল তেওঁ ইটিভি ভাৰতৰ আগত কৈ গৈছিল সকলো তথ্য ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলী
এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলী

নিউজ ডেস্ক, 19 জুন :ভাৰত আৰু চীনৰ মাজত যুদ্ধৰ দামামা বাজি উঠাৰ সময়তে চৰ্চালৈ অহা ঠাইখিনি হৈছে লাডাখৰ গালৱান ভেলী ৷ শেহতীয়াকৈ বিশ্বৰ সংবাদ শীৰ্ষ দখল কৰা গালৱান ভেলীৰ সৈতে আছে কাশ্মীৰৰ এক ওতঃপ্ৰোত সম্পৰ্ক ৷ বিশেষজ্ঞসকলে ভাৰত আৰু চীনৰ মাজত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিক লৈ বিশ্বযুৰি সংবাদমাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ দুয়োখন দেশৰ মাজৰ পৰিস্থিতি কিদৰে শান্ত কৰি তুলিব পাৰি তাক লৈ চিন্তা-চৰ্চা কৰা হৈছে ৷ কিন্তু তাৰ মাজতে কাশ্মীৰৰ এটা উপাধি "গালৱান"ক লৈ কাশ্মীৰিসকল চিন্তিত হৈ পৰিছে যে, কিদৰে এটা কাশ্মীৰি নামে লাডাখত স্থান পালে, যি এতিয়া বিশ্বব্যাপী সংবাদ শীৰ্ষ দখল কৰিছে ৷

লাডাখৰ গালৱান ভেলীক হিমালয়ৰ পৰা বৈ অহা এখন সৰু নৈৰ পৰাই নামাংকন কৰা হৈছে ৷ কাৰাকোৰাম ৰেঞ্জৰ পৰা আকচাই চীন আৰু পূব লাডাখ হৈ 80 কিলোমিটাৰ পশ্চিমলৈ নামনিলৈ বৈ আহি চায়ক নদীৰ সৈতে যুক্ত হৈছে এইখন গালৱান নদী ৷ চায়ক হৈছে সিন্ধু নদীৰ এখন উল্লেখযোগ্য উপনৈ, যাৰ এই অঞ্চলত এক সামৰিক তথা কূটনৈতিক গুৰুত্ব আছে ৷ শেহতীয়াকৈ ভাৰত-চীনৰ মাজত এই ঠাইখনেই বিবাদৰ কাৰণ হৈ পৰিছে ৷ কিন্তু ইয়াৰ পূৰ্বেও 1962 চনৰ ভাৰত-চীন যুদ্ধত চৰ্চালৈ আহিছিল গালৱান ভেলী ৷

এই ঠাইখিনিক গুলাম ৰছুল শ্বাহ ওৰফে গালৱানৰ নামৰ পিচতেই নামাংকন কৰা হৈছে ৷ ডোগ্ৰা শাসকৰ অত্যাচাৰৰ ফলত তেওঁৰ পূৰ্বপুৰুষ কাৰা গালৱানে কাশ্মীৰ এৰি বাল্টিস্তানত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ গালৱান ভেলীৰ সবিশেষৰ বাবে ইটিভি ভাৰত উপস্থিত হৈছিল গালৱানৰ বংশজৰ ওচৰত ৷ গালৱান ভেলীৰ বিষয়ে আমাক সকলো কথাই প্ৰকাশ কৰিছিল, গুলাম ৰছুল গালৱানৰ পৰিনাতি মুহম্মদ আমিন গালৱানে ৷চাওঁক তেওঁৰ সৈতে আমাৰ এই প্ৰতিবেদন.....

এগৰাকী কাশ্মীৰিৰ নামেৰে গালৱান ভেলী

আমিন গালৱানে প্ৰকাশ কৰা অনুসৰি, ডোগ্ৰা শাসকৰ অধিস্থিতি আৰু অত্যাচাৰৰ ভয়তেই তেওঁৰ আজোককাই কাশ্মীৰৰ পৰা পলাই গৈ বাল্টিস্তানত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ আমিনে কোৱা অনুসৰি, তেওঁৰ আজোককা, গুলাম ৰছুল গালৱানৰ 1878 চনত লেহত জন্ম হৈছিল আৰু 12 বছৰ বয়সৰ পৰাই তেওঁ ইংৰাজসকলৰ পৰ্যটন সহায়কাৰী হিচাপে কাম কৰিবলৈ লৈছিল, লাডাখৰ পৰা কাৰাকোৰাম ৰেঞ্জ হৈ একেবাৰে মধ্য এছিয়ালৈকে ৷ আমিনে জনোৱা অনুসৰি, গালৱানৰ পুত্ৰ আৰু নাতিসকলে লেহত থিতাপি লোৱাৰ লগতে তেওঁৰ বৰ্ধিত পৰিয়ালে এই অঞ্চলতে বসতি পাতে ৷ লেহত তেওঁৰ পৰিয়ালে বাস কৰা সময়ত ভাৰত-চীনৰ উদ্ভৱ হোৱা পৰিস্থিতি শেহতীয়াকৈ পৰিলক্ষিত হৈছে যাক লৈ তেওঁলোকৰ পৰিয়ালটো আৰু অধিক চিন্তিত হৈ পৰিছে ৷ অৱশ্যে তেওঁ প্ৰকাশ কৰা অনুসৰি, লাডাখৰ ৰাইজে ভাৰতীয় স্থলসেনাক যিকোনো পৰিস্থিতিতে সহায় কৰিবলৈ সাজু আছে ৷

প্ৰায় দুসপ্তাহ আগতে ইটিভি ভাৰতে লাডাখৰ ইতিহাসবিদ তথা লেখক গানি শ্বেইখৰ সৈতে গালৱান ভেলী আৰু ৰছুল গালৱানৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷ ইটিভি ভাৰতৰ আগত শ্বেইখে প্ৰকাশ কৰাৰ দৰেই একেইখিনি কথাই আমাৰ আগত প্ৰকাশ কৰে গালৱানৰ আজোনাতি মুহম্মদ আমিন গালৱানে ৷ শ্বেইখে আমাৰ আগত প্ৰকাশ কৰিছিল যে, গালৱানে ইংৰাজসকলৰ পৰ্বত শৃংখলাৰ মাজেৰে মধ্য এছিয়ালৈ যোৱাত সহায় কৰিছিল ৷

শেহতীয়া ভাৰত-চীন পৰিস্থিতিৰ মাজতে কাশ্মীৰৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মাজত"Servant of Sahibs" নামে গুলাম ৰছুল গালৱানে লিখা এখন কিতাপৰ প্ৰসংগই স্থান পাইছে ৷ এই কিতাপখনৰ পৃষ্ঠভূমি লিখিছিল বিট্ৰিছ পৰিব্ৰাজক ফ্ৰান্সিছ ইয়ংহাঝবেন্দে ৷ এই কিতাপখন সকলোকে পঢ়িবলৈ কোৱাৰ লগতে ইয়াৰ চফ্ট কপি বিতৰণ কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details