নেশ্যনেল ডেস্ক,23 অক্টোবৰ: ৰাজস্থানৰ জালোৰ জিলাত এজনী দলিত সম্প্ৰদায়ৰ নাবালিকাক ধৰ্ষণ তিনি যুৱকৰ ৷ জীৱনৰ অতি দুখ যন্ত্ৰণা সহ্য় কৰি মানসিক অশান্তিত আছিল ভুক্তভোগী নাবালিকাই ৷ চাৰিমাহৰ পূৰ্বে ছাগলী এৰাল দিবলৈ গৈ থকা অৱস্থাত তিনি যুৱকে মিলি ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড সংঘটিত কৰি হত্যাৰ ভাবুকি দিছিল ৷ সমগ্ৰ কাণ্ডৰ ভিডিঅ' বনাই ইন্টাৰনেটত এৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছিল ভুক্তভোগী নাবালিকাক ৷
ভয় আৰু সংকাৰ মাজেৰে চাৰিমাহে মৌণ হৈ আছিল ভুক্তভোগী নাবালিকাই; কিন্তু তিনি যুৱকে নাবালিকাৰ ভিডিঅ' ইন্টাৰনেটত এৰি দিয়াৰ পাছতে মুখ খুলিছে ভুক্তভোগীয়ে ৷ লগে লগে আৰক্ষীক ফোন যোগে সমগ্ৰ ঘটনা অৱগত কৰে ৷