নিউজ ডেস্ক , 14 ডিচেম্বৰঃতথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সদৰি কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাৰ পিচতে ইন্টাৰনেটত ভাইৰেল হৈ থকা বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভিডিঅ'টো সম্পূৰ্ণ ভুৱা আৰু 22 জানুৱাৰীৰ , 2019ত এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে ইন্টাৰনেটত আপলোড কৰা হৈছিল ৷ উল্লেখ্য যে, তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে চৰকাৰ, বিভাগ আৰু আচঁনি সমূহৰ সৈতে জড়িত থকা বাতৰি সমূহ প্ৰমানিত কৰিবৰ বাবে আৰু জনসাধাৰণক ভুৱা বাতৰিৰ বিষয়ে সচেতন কৰিবলৈ প্ৰেছ ইনফৰমেচন ব্যুৰোত এক তথ্য-নিৰীক্ষণ ইউনিত স্থাপন কৰিছে ৷
ইন্টাৰনেটত বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ' প্ৰচাৰ
বুধবাৰে ৰাজ্য সভাত বহু বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পিচতে বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ' ইন্টাৰনেটত ভাইৰেল হৈছিল ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই ভিডিঅ'টো ভুৱা বুলি সদৰি কৰে ৷
টুইটাৰৰ যোগেদি পি আই বিয়ে এই কথা সদৰি কৰে যে, চচিয়েল মিডিয়াত প্ৰচলিত হৈ থকা বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভিডিঅ'টো সম্পূৰ্ণ ভুৱা হয় ৷ তেওঁলোকে লগতে কয় যে, এটা হিন্দু সংবাদ মাধ্যমৰ দ্বাৰা 22 জানুৱাৰী, 2019ত এই ভিডিঅ'টো আপলোড কৰা হৈছিল ৷ উল্লেখ্য যে, জনসাধাৰণে ছ'চিয়েল মিডিয়া নতুবা কোনো ধৰণৰ ছ'চিয়েল প্লেটফৰ্মত যদি যিকোনো সন্দেহজনক ভিডিঅ' নাইবা ফটো প্ৰতক্ষ কৰে তেন্তে সেই ভিডিঅ' নাইবা ফটোৰ এখন স্নেপছট লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ এখন ই-মেল কৰিবলৈ অনুৰোধ জনাইছে ৷ লগতে তেওঁলোকে কয় যে, সেই তথ্য যদিহে চৰকাৰৰ মন্ত্ৰণালয়, বিভাগ আৰু আচঁনি সমূহৰ সৈতে জড়িত হয় তেতিয়াহে সেই তথ্যৰ তথ্য-নিৰীক্ষণ কৰা হ'ব ৷
লগতে পঢ়ক - গুৱাহাটীত কিছু সময়ৰ বাবে শিথিল সান্ধ্য আইন