নেচনেল ডেস্ক, 24 জানুৱাৰী:সমগ্ৰ ৰাষ্ট্ৰই দেওবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰাৰ মাজতে দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ অন্যান্য শীৰ্ষ নেতা সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে 'দেশৰ কন্যা' (দেশ কী বেটি) ক সবলীকৰণক লৈ বিশেষ মন্তব্য কৰে ৷
টুইটাৰৰ জৰিয়তে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে অভিভাৱক সকলক তেঁওলোকৰ কন্যা সন্তানক শিক্ষা প্ৰদান কৰাৰ জৰিয়তে সবলীকৰণ কৰি তোলাৰ আহ্বান জনোৱাৰ লগতে এই বুলিও মন্তব্য কৰে যে, মহিলাৰ বিপক্ষে হোৱা যিকোনো ধৰণৰ অপৰাধৰ ক্ষেত্ৰতে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা উচিত ৷ সকলোৰে মানসিকতা সলনি হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটযোগে এই বুলি কয়,"On #NationalGirlChildDay, I call upon all parents to empower girls through education and ensure that there is no gender discrimination. Boys must be made to respect girls from a young age. A change in mindset is the need of the hour; only then will our girls feel safe and empowered,"
বিদ্যালয়ত কন্যা শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে লিংগ অনুপাতৰ ক্ষেত্ৰত তুলনামূলক ভাৱে কিছু ভাল ফলাফল পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহেও দেশৰ কন্যা শিশুসকলক আত্মনিৰ্ভৰ কৰি তোলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত 'বেটি বচাও, বেটি পঢ়াও' শীৰ্ষক বাক্যশাৰী এক সাৰ্বজনীনভাৱে প্ৰচাৰ হোৱাৰ পাছতে বিদ্যলয়সমূহত কন্যা শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হৈছে বুলি মন্তব্য কৰি টুইটযোগে শ্বাহে এইবুলি কয়, "Upon the call of Prime Minister Narendra Modi Ji, 'Beti Bachao, Beti Padhao' was made a public campaign, which led to an increase in enrollment of girls in schools and unprecedented improvement in the sex ratio. On National Girl Child Day, we reiterate our commitment to make #DeshKiBeti Atmanirbhar,"