নিউজ ডেস্ক, 5 জুলাই :দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে দেওবাৰে ভাৰতৰ প্ৰথমটো ছচিয়েল মিডিয়া ছুপাৰ এপ 'Elyments'ৰ উদ্বোধন কৰে ৷ আৰ্ট অৱ লিভিং সংস্থাৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰীৰবি শংকৰৰ উপস্থিতিত উপ-ৰাষ্ট্ৰপতিয়ে সম্পূৰ্ণ স্বদেশী এইটো এপ উদ্বোধন কৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1,000 তথ্য প্ৰযুক্তি বিষয়াই একেলগে প্ৰস্তুত কৰি উলিয়াইছে দেশৰ প্ৰথমটো স্বদেশীয় ছচিয়েল মিডিয়া ছুপাৰ এপ ৷
এপটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে, পতঞ্জলি যোগপীঠৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱ, ৰাজ্যসভাৰ সাংসদ অযোধ্যা ৰামি ৰেড্ডী, প্ৰাক্তন অসামৰিক বিমান পৰিৱহন মন্ত্ৰী সুৰেশ প্ৰভু, কৰ্নাটকৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী আৰভি দেশপাণ্ডে, হিন্দুজা গ্ৰুপৰ চেয়াৰমেন অশোক পি হিন্দুজা, জিএ গ্ৰুপৰ প্ৰতিষ্ঠাপক, চেয়াৰমেন জি এম ৰাও, জেএছডব্লিউ গ্ৰুপৰ চেয়াৰমেন সজ্জন জিন্দাল, ৰামোজী গ্ৰুপৰ চেয়াৰমেন ৰামোজী ৰাও আৰু ৰাজ্যসভাৰ সাংসদ জ্য়োতিৰাদিত্য সিন্ধিয়া ৷
এইটো এপ সকলো এপ ষ্টোৰৰ লগতে গুগল প্লে ষ্টোৰত সমগ্ৰ বিশ্বতে উপলব্ধ হ'ব ৷ ইতিমধ্যে প্ৰায় 1000ৰো অধিক লোকে ইয়াক বিগত কিছুমাহ ধৰি অত্যধিকহাৰে পৰীক্ষণ সম্পন্ন কৰিছে ৷ ইতিমধ্যে প্ৰায় 2 লাখ লোকে এইটো এপ ডাউনলোড কৰাৰ লগতে ইয়াক ব্যৱহাৰ কৰি আছে ৷
দেশৰ শীৰ্ষ পৰ্যায়ৰ তথ্য-প্ৰযুক্তি কৰ্মচাৰীসকলে এইটো এপৰ উন্নয়ন কৰিছে আৰু ইয়াত বৰ্তমানে থকা সামাজিক মাধ্যমৰ সকলো সুবিধা সংলগ্ন কৰা হৈছে ৷ এইটো এপত কন্টেক্ট, ফ্ৰেইণ্ডছ আৰু ফলোৱাৰছ তিনিওটাক একেলগে সংলগ্ন কৰা হৈছে ৷