নিউজ ডেস্ক, 8 আগষ্টঃ শুকুৰবাৰে পূৰ্ব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উপস্থিত হয় বিমান বাহিনীৰ প্ৰধান এয়াৰ মাৰ্ছাল হৰজিৎ সিং আৰোৰা ৷ বিমান বাহিনীৰ প্ৰধান গৰাকী উপস্থিত হৈ এয়াৰবেছ সমূহ পৰিদৰ্শন কৰি অঞ্চলটোত যিকোনো ঘটনাৰ সন্মুখীন হ'বলৈ আইএএফক সাজু থাকিবলৈ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে বিমান বাহিনীৰ কৰ্মকৰ্তাই ৷
লগতে কয় যে,এয়াৰ মাৰ্ছাল সিঙে দৌলত বেগ ওলডীৰ ৰণনীতি ৰূপে কেইবাটাও গুৰুত্বপূৰ্ণ এয়াৰবেছ পৰিদৰ্শন কৰে ৷ যি বিশ্বৰ সকলোতকৈ উচ্চতাত থকা এয়াৰষ্ট্ৰীপ হিচাপে পৰিচিত তথা য'ত ভাৰতীয় বায়ুসেনাই চীনৰ সৈতে হোৱা সীমান্ত উত্তেজনাৰ সময়ত মোতায়েন কৰা হৈছিল ৷ লাডাখত থকা এই এয়াৰবেছৰ উচ্চতা হৈছে 16,600 ফুট ৷