অসম

assam

ETV Bharat / bharat

প্ৰাক্তন অৰ্থনীতিবিদ বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান - আইএএছ বিষয়া

প্ৰাক্তন আই এ এছ বিষয়া,অৰ্থনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মিডিয়া উপদেষ্টা হিচাপে কৰ্মৰত বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান । শুকুৰবাৰে ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন আইএএছ বিষয়া গৰাকীয়ে ।

বি পি আৰ বিট্টল বাৰু
http://10.10.50.80:6060//finalout3/odisha-nle/thumbnail/19-June-2020/7679479_1061_7679479_1592550379935.png

By

Published : Jun 19, 2020, 4:20 PM IST

নিউজ ডেস্ক, ১৯ জুনঃ প্ৰাক্তন আই এ এছ বিষয়া তথা অৰ্থনীতিবিদ বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান । শুকুৰবাৰে হায়দৰাবাদস্থিত বাসগৃহত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন আইএএছ বিষয়া গৰাকীয়ে । বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় বি পি আৰ বিট্টল বাৰুৰ ।

প্ৰাক্তন অৰ্থনীতিবিদ বি পি আৰ বিট্টল বাৰুৰ দেহাৱসান

উল্লেখ্য যে, বি পি আৰ বিট্টল বাৰুয়ে ১৯৫০ চনত আইএএছ বিষয়া ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা উপৰিও ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈকে অন্ধ্ৰ প্ৰদেশ চৰকাৰ সচিব ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । লগতে বিত্ত আৰু পৰিকল্পনা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ৰাজ্যখনৰ পৰিকল্পনা বৰ্ডৰ উপাধ্য়ক্ষৰ কাৰ্যভাৰ চলায় । তাৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মিডিয়া উপদেষ্টা হিচাপেও কৰ্মৰত আছিল প্ৰাক্তন আইএএছ বিষয়া বি পি আৰ বিট্টল বাৰু ।

লগতে চাওকঃ উত্তৰাখণ্ডত বাবা ৰামদেৱৰ যোগ প্ৰ'টকল ৰিহাৰ্ছেল অনুষ্ঠানৰ আয়োজন

ABOUT THE AUTHOR

...view details