অসম

assam

By

Published : Jun 21, 2020, 7:04 PM IST

ETV Bharat / bharat

বন্দে ভাৰত আচঁনিঃ ২১৯ গৰাকী যাত্ৰী লৈ টকিঅ'ৰ পৰা ভাৰতলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

কোভিড-১৯ সংকটৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক নিজ দেশলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল বন্দে ভাৰত আচঁনি । ৭ মে'ৰ পৰা এই আচঁনিৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে ১১ জুনত আৰম্ভ হয় এই আচঁনিৰ তৃতীয় পৰ্যায়ৰ কাম।

 Vande Bharat Mission
Vande Bharat Mission: Third Air India flight with 219 Indians takes off from Tokyo

ইণ্টাৰনেশ্বনেল ডেস্ক, ২১ জুনঃ ২১৯ গৰাকী যাত্ৰী লৈ টকিঅ'ৰ পৰা ভাৰতলৈ ৰাওনা হয় এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান। বন্দে ভাৰত আচঁনিৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাপে শনিবাৰে ভাৰতীয় নাগৰিকসকলক লৈ উৰা মাৰে বিমানখনে।

বন্দে ভাৰত আচঁনিৰ অংশ হিচাপে টকিঅ'ৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ তৃতীয়খন বিমানত আছে মুম্বাই, বাংগালোৰ আৰু ত্ৰিভেন্দ্ৰামৰ মুঠ ২১৯ গৰাকী যাত্ৰী। জাপানৰ বিভাগীয় বিষয়াই টুইটাৰযোগে এই সন্দৰ্ভত উল্লেখ কৰাৰ লগতে সকলোৰে যাত্ৰা শুভ হোৱাৰ কামনা কৰে।

বন্দে ভাৰত আচঁনিৰ অধিনত প্ৰথম পৰ্যায়ৰ পৰা বিগত মাহলৈকে মুঠ ২,৫০,০৮৭ গৰাকী ভাৰতীয় নাগৰিকক দেশলৈ উভতাই অনা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য।

কোভিড-১৯ সংকটৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক নিজ দেশলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল বন্দে ভাৰত আচঁনি। ৭ মে'ৰ পৰা এই আচঁনিৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হোৱাৰ বিপৰীতে ১১ জুনত আৰম্ভ হয় এই আঁছনিৰ তৃতীয় পৰ্যায়ৰ কাম।

এই আচঁনিত তৃতীয় পৰ্যায়ত মুঠ ৫৫০ খন বিশেষ বিমানেৰে বহিঃৰাষ্ট্ৰত আৱদ্ধ লোকসকলক সেৱা আগবঢ়োৱা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে উল্লেখ কৰে।

ABOUT THE AUTHOR

...view details