অসম

assam

By

Published : Jun 30, 2020, 8:06 AM IST

ETV Bharat / bharat

বন্দে ভাৰত মিছনঃ কুৱেইটত আবদ্ধ ১৮৯ গৰাকী ব্যক্তি উপস্থিত ভাৰতত

লক ডাউনৰ বাবে কুৱাইটত আবদ্ধ হৈ থকা ১৮৪ গৰাকী ভাৰতীয় ব্যক্তিৰে সোমবাৰে এখন গ' এয়াৰ বিমান উপস্থিত হয় চত্তীশগড় আন্তৰ্জাতিক বিমান বন্দৰত । বন্দে ভাৰত মিছনৰ অধীনতে কুৱাইতত আৱদ্ধ ব্যক্তিসকলক নিজ দেশলৈ ঘূৰাই আনে বুলি সদৰি কৰে বিদেশ মন্ত্ৰণালয়ে ।

বন্দে ভাৰত মিছন
বন্দে ভাৰত মিছনঃ কুৱেইটত আবদ্ধ ১৮৯ গৰাকী ব্যক্তি উপস্থিত ভাৰতত

নিউজ ডেস্ক, ৩০ জুনঃ "বন্দে ভাৰত মিছন"ৰ অধীনত সোমবাৰে লক ডাউৰ বাবে কুৱেইটত আবদ্ধ হৈ থকা ১৮৪ গৰাকী ব্যক্তি উপস্থিত হয় চত্তীশগড় আন্তৰ্জাতিক বিমান বন্দৰত ।

আনহাতে, বন্দে ভাৰতৰ তৃতীয় পৰ্যায়ত ৫ টা মহাদ্বীপত আবদ্ধ হৈ থকা ৫০ খনৰো অধিক দেশৰ পৰা প্ৰায় ৮৭৫ গৰাকী ভাৰতীয় ব্যক্তি ভাৰতলৈ ঘূৰাই আনিব বুলি নিৰ্ধাৰণ কৰা হৈছে বুলিও সদৰি কৰে বিদেশ মন্ত্ৰণালয়ে ।

বন্দে ভাৰত মিছনঃ কুৱেইটত আবদ্ধ ১৮৯ গৰাকী ব্যক্তি উপস্থিত ভাৰতত

উল্লেখ্য যে,মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই বিশ্বৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা প্ৰবাসী ভাৰতীয় সকলক নিজ গৃহভূমিলৈ বন্দে ভাৰত মিছনৰ অধীনত ঘূৰি আহিবলৈ অনুমতি প্ৰদান কৰে । বিগত ৭ মে'ৰ পৰা আৰম্ভ হোৱা "বন্দে ভাৰত মিছন" বৰ্তমান তৃতীয় পৰ্যায়ত আছে । ইয়াৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল ১১ জুনত । আনহাতে, বিদেশ মন্ত্ৰণালয়ৰ ভাষ্য অনুসৰি ২৫জুন বৃহস্পতিবাৰ পৰ্যন্ত ৩,৬৪,২০৯ গৰাকী লোক "বন্দে ভাৰত মিছন"ৰ অধীনত ভাৰতলৈ ঘূৰি আহে বুলি সদৰি কৰে বিদেশ মন্ত্ৰণালয়ে ।

লগতে চাওকঃ মূল‍্যবৃদ্ধি ৰোধৰ দবীৰে ৰঙিয়াত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details