অসম

assam

২২৯ গৰাকী যাত্ৰীক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

By

Published : Jun 24, 2020, 3:52 PM IST

"বন্দে ভাৰত মিছন বিশ্বৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ বাবে আশা আৰু সুখৰ এক অভিযান হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধিনত ইতিমধ্যে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ১.২৫ লাখ লোকক দেশলৈ উভতাই অনা হৈছে।" - কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰী

Vande Bharat Mission
Vande Bharat Mission: Air India flight departs from Melbourne with 229 stranded Indians

নিউজ ডেস্ক, ২৪ জুনঃ২২৯ গৰাকী ভাৰতীয় নাগৰিকক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা হৈছে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান। বন্দে ভাৰত মিছনৰ অংশ হিচাপে বুধবাৰে দিল্লী আৰু হায়দৰাবাদৰ ভাৰতীয় লোকসকলক লৈ দেশলৈ উৰা মাৰে বিমানখনে।

মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে উল্লেখ কৰে যে,"বন্দে ভাৰত মিছন বিশ্বৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ বাবে আশা আৰু সুখৰ এক অভিযান হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত ইতিমধ্যে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ১.২৫ লাখ লোকক দেশলৈ উভতাই অনা হৈছে । তদুপৰি প্ৰায় ৪৩ হাজাৰ লোকক দেশৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে । মংগলবাৰৰ দিনটোতে বহিঃৰাষ্ট্ৰত আৱদ্ধ মুঠ ৬০৩৭ গৰাকী লোকক দেশলৈ উভতাই অনা হৈছে।"

২২৯ গৰাকী যাত্ৰীক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

কোভিড-১৯ মহামাৰীৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিজ দেশলৈ উভতাই অনাৰ বাবে ৭ মে'ৰ পৰা বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছিল । সম্প্ৰতি এই আঁচনিৰ তৃতীয় পৰ্যায়ৰ সেৱা অব্যাহত আছে । এই আঁচনিৰ তৃতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ৫৫০ খন বিশেষ বিমানেৰে ভিন্ন ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা লোকসকলক দেশলৈ উভতাই অনাৰ কাম অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details