অসম

assam

By

Published : May 14, 2020, 8:19 PM IST

ETV Bharat / bharat

বন্দে ভাৰত অভিযান : ৩২ খন দেশলৈ বিমানসেৱা প্ৰদান কৰিব ভাৰতে

ভাৰতৰ চৰকাৰী খণ্ডৰ বিমান পৰিৱহণকাৰী সংস্থা এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে, বন্দে ভাৰত অভিযানৰ দ্বিতীয় স্তৰত ১৬ মে'ৰ পৰা ৩২ খন দেশলৈ বিমানসেৱা প্ৰদান কৰিবলৈ সাজু হৈছে ।

বন্দে ভাৰত অভিযান
বন্দে ভাৰত অভিযান

নিউজ ডেস্ক, ১৪ মে' :ভাৰতৰ চৰকাৰী খণ্ডৰ বিমান পৰিৱহণকাৰী সংস্থা, এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আগন্তুক ১৬ মে'ৰ পৰা পুনৰ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা আৰম্ভ কৰিব । বন্দে ভাৰত অভিযানৰ দ্বিতীয় স্তৰত প্ৰায় ৩২ খন দেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰ তথা ভাৰতত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকসকলক নিজ নিজ দেশলৈ পঠিওৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ।

বন্দে ভাৰত অভিযানৰ প্ৰথম স্তৰত ১২খন দেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক নিজ দেশলৈ ওভোটাই আনিবলৈ সক্ষম হৈছে এয়াৰ ইণ্ডিয়াই । দ্বিতীয় স্তৰত দুয়োটা সংস্থাই, অধিকসংখ্যক ভাৰতীয়ক দেশলৈ ওভোটাই অনাৰ বাবে একেলগে কাম কৰিব ।

বুধবাৰে বিমান পৰিৱহণকাৰী সংস্থাটোৱে ১৩খন বিমানৰ দ্বাৰা বিদেশৰ পৰা প্ৰায় ২,৬৬৯ গৰাকী যাত্ৰীক ভাৰতলৈ ওভোটাই আনে । বিগত ৭ মে'ৰ পৰা প্ৰায় ৭ দিনৰ ভিতৰত ৬৪ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উৰণৰ দ্বাৰা বিমান পৰিৱহণকাৰী সংস্থাটোৱে ১৪,৮০০ ভাৰতীয়ক দেশলৈ ওভোটাই আনিবলৈ সক্ষম হৈছে । এই অভিযানৰ দ্বাৰা ১,৯০,০০০ ভাৰতীয়ক দেশলৈ ওভোটাই অনা হ'ব আৰু তেওঁলোকে এফালৰ যাত্ৰাৰ বাৱদ পৰিশোধ কৰিব লাগিব ।

উল্লেখ্যে যে, তিনিদশক পূৰ্বে ভাৰতে এয়াৰ ইণ্ডিয়া, ইণ্ডিয়ান এয়াৰলাইনছ আৰু এৰোফ্লোট তথা ভাৰতীয় বায়ুসেনাৰ সহযোগত, উপমহাসাগৰত আৱদ্ধ হৈ পৰা ১,১১,৭১১ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি নিজ দেশলৈ লৈ আনিছিল । ১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰাৰ সময়ত উদ্ভৱ হোৱা প্ৰথম উপসাগৰীয় যুদ্ধৰ সময়তে এইদৰে মাত্ৰ ৫৯ দিনৰ ভিতৰত ৪৮৮ টা উৰণেৰে এইসকলক ভাৰতীয়ক উদ্ধাৰ কৰি নিজ দেশলৈ ওভোটাই আনিছিল ভাৰতে ।

ABOUT THE AUTHOR

...view details