নিউজ ডেস্ক, ২৮ জুনঃ আমেৰিকাৰ ৱাচিংটনৰ পৰা ২০৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ দিল্লীলৈ ৰাওনা হৈছে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান। বন্দে ভাৰত মিছনৰ অধিনত এই লোকসকলক ভাৰতলৈ লৈ অনা হয় । আমেৰিকাস্থিত ভাৰতীয় দূতাবাসে সকলো নাগৰিকৰে শুভ যাত্ৰা কামনা কৰি টুইটাৰ যোগে এই কথা উল্লেখ কৰে ।
২০৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ ৱাচিংটনৰ পৰা দিল্লীলৈ ৰাওনা বিমান - আমেৰিকাস্থিত ভাৰতীয় দুতাভাষ
৭ মে'ৰ পৰা দেশত আৰম্ভ হৈছিল বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ৰ কাম। প্ৰথম পৰ্যায়ত মুঠ ৮৭৫ খন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে বহুকেইখন ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকক নিজ দেশলৈ উভতাই অনা হয়।
উল্লেখ্য যে, ৭ মে'ৰ পৰা আৰম্ভ হৈছিল বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ৰ কাম। সম্প্ৰতি বন্দে ভাৰত মিছনৰ তৃতীয় পৰ্যায়ৰ সেৱা অব্যাহত আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰলৈকে মুঠ ৩,৬৪,২০৯ গৰাকী লোক এই আঁচনিৰ অধিনত দেশলৈ উভতি আহিছে ।
বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ত মুঠ ৮৭৫ খন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে বহুকেইখন ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকক নিজ দেশলৈ উভতাই অনা হয় । কোভিড-১৯ সংকটৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল বন্দে ভাৰত মিছনৰ ।