নিউজ ডেস্ক, 30 মে': অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে জনাই যে, এয়াৰ ইণ্ডিয়াই 4 জুনৰ পৰা 6 জুনৰ ভিতৰত অতিৰিক্ত বিমানৰ চলাচল কৰিব আৰু বিদেশত আবদ্ধ লোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব । টুইটৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে এই কথা । লগতে তেওঁ জনাই যে, শুকুৰবাৰৰ পুৱা 11 বজাৰ পৰা টিকট বুকিং আৰম্ভ হৈছে ।
বিমানসমূহে ব্ৰিটেইন, আমেৰিকা, জাৰ্মানী, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড আৰু ছুইডেনত থকা লোকসকলক উদ্ধাৰ কৰি ভাৰতলৈ আনিব । কৰ'ণা ভাইৰাছ সংকটৰ সময়ত বিদেশী ৰাষ্ট্ৰ কেইখনত আবদ্ধ হৈ আছিল বহু ভাৰতীয় ।