নিউজ ডেস্ক, ১১ জুন :লক ডাউনৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা চোম পিতোদ্ৰাই আমেৰিকাত আৰক্ষী বাহিনীৰ বৰ্বৰতা সম্পৰ্কত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গান্ধীজীৰ প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰা সাম্পদায়িক ঘটনাৰ উচিত তদন্ত কৰিবলৈ নেতা গৰাকীয়ে দাবী জনাই ।
নেতা গৰাকীয়ে এক বিবৃতিত জনোৱা অনুসৰি,গান্ধীজীৰ আদৰ্শৰ পৰিপন্থী এই কৰ্ম সম্পূৰ্ণ গণতন্ত্ৰৰ পৰিপন্থী । লগতে তেওঁ জনাই যে,যিসকল লোক এই কাৰ্য সংঘটিত কৰিছে তেওঁলোক মহাত্মা গান্ধীৰ আদৰ্শৰ বিষয়ে হয়তো অনভিজ্ঞ আছিল । গান্ধীজীৰ আদৰ্শ,বিশ্বাস,শান্তি আৰু মানৱতাৰ ভাৱধাৰা সকলোৰে বাবে সমান আছিল । গান্ধীজী অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে তেওঁৰ আদৰ্শ প্ৰবাহিত আছিল । নেলচন মেণ্ডেলা,মাৰ্টিন লুথৰ নিচিনা লোক গান্ধীজী আদৰ্শ আছিল ।