অসম

assam

By

Published : Dec 25, 2020, 12:41 PM IST

ETV Bharat / bharat

ভাৰতক সমৃদ্ধ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ প্ৰচেষ্টা চিৰস্মৰণীয় : মোডী

দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলী ৷ বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী উপলক্ষে প্ৰয়াত বিচক্ষণ ৰাজনীতিবিদ গৰাকীক স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ মদন মোহন মালব্যলৈও শ্ৰদ্ধাঞ্জলী প্ৰধানমন্ত্ৰী গৰাকীৰ ৷

Vajpayee's efforts for making strong, prosperous India will be remembered forever
ভাৰতক সমৃদ্ধ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ প্ৰচেষ্টা চিৰস্মৰণীয়

নেচনেল ডেস্ক, 25 ডিচেম্বৰ :ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

প্ৰয়াত নেতা গৰাকীৰ ৰাজনৈতিক বিচক্ষণতাৰ শলাগ লোৱাৰ লগতে দেশখনক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বাজপেয়ীৰ অৱদানৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতক সমৃদ্ধ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ অৱদান সদায়েই মনত থাকিব ৷ এক টুইট যোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷

1924 চনত গোৱালিয়ৰত জন্ম গ্ৰহণ কৰা বাজপেয়ী ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক সদস্য আছিল ৷ ইয়াৰ পাছতে তেওঁৰ সবল নেতৃত্বতেই 1990 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ভাৰতৰ শাসনত অধিষ্ঠিত হয় ৷ তেওঁৰ শাসনকালতেই ভাৰতত উদাৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক নতুন ঢৌৱে প্ৰৱেশ কৰিছিল ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে হিন্দুত্ববাদী মদন মোহন মালব্যকো তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে আৰু মন্তব্য কৰে যে সামাজিক সংস্কাৰ আৰু দেশৰ সেৱাতেই মালব্যই সমগ্ৰ জীৱন উচৰ্গা কৰি দিলে ৷ 1861 চনত জন্মগ্ৰহণ কৰা মালব্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল , যিয়ে পাছলৈ হিন্দু মহাসভা গঠন কৰিছিল ৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক সকলৰ মাজত মালব্যও এজন আছিল ৷ মালব্যক তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে প্ৰশংসা কৰি মোডীয়ে মন্তব্য কৰে যে দেশৰ প্ৰতি আগবঢ়োৱা মালব্যৰ অৱদানে উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব ৷

লগতে পঢ়ক:অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী : মোডীয়ে উন্মোচন কৰিব বাজপেয়ীক লৈ লিখা গ্ৰন্থ

ABOUT THE AUTHOR

...view details