উত্তৰাখণ্ড, 10 জুলাই : উত্তৰাখণ্ড চৰকাৰে সকলো ধৰণৰ চীনা সামগ্ৰী বৰ্জন কৰিব ৷ ৰাজ্য়খনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙ ৰাৱতে বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷ বিগত মাহত গালৱান ঘাটিৰ হোৱা সংঘৰ্ষৰ পাছত চীনা সামগ্ৰী বৰ্জনৰ বাবে কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনায় উত্তৰাখণ্ডৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ৰাৱতে সংবাদমেলত লগতে প্ৰকাশ কৰে যে ,কেন্দ্ৰীয় চৰকাৰে 59 টা চীনা এপ ব্যৱহাৰত নিষিদ্ধ কৰাৰ পাছত বৃহৎ সংখ্যাক ভাৰতীয় লোকে দেশীয় এপ ব্যৱহাৰ কৰিবলৈ লৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰ ভাৰত গঠনৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি সমৰ্থন জনাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ক'ভিড 19 মহামাৰীৰ সংহাৰৰ মাজতো ভাৰতে আধুনিকতাৰ পৰিচয় পুনৰ স্থাপন কৰিবলৈ সক্ষম হৈছে ৷