অসম

assam

উত্তৰাখণ্ডৰ জলপ্ৰলয়:সাতজনৰ মৃত্যু

By

Published : Feb 8, 2021, 11:24 AM IST

উত্তৰাখণ্ডৰ জলপ্ৰলয়ত বিস্তৰ ক্ষতিসাধন ৷ বিধ্বংসী জলপ্ৰলয়ে উটুৱাই নিলে জলবিদ্যুৎ কেন্দ্ৰৰ লগতে শক্তি প্ৰকল্পত কাম কৰা শতাধিক শ্ৰমিকক ৷ বানে উটুৱাই নিয়া সাত জন লোকৰ শৰীৰ উদ্ধাৰ ৷ এতিয়াও সন্ধানহীন 170 গৰাকী লোক ৷ বানত এনটিপিচিৰ দুটাকৈ শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি ৷ উদ্ধাৰ অভিযানৰ বাবে এনডিআৰএফৰ চাৰিটা দল ডেৰডুনলৈ প্ৰেৰণ ৷

uttarakhand flood 7 bodies recovered 170 still missing
uttarakhand flood 7 bodies recovered 170 still missing

নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী:উত্তৰাখণ্ডৰ চাম'লি জিলাত দেওবাৰে সংঘটিত জলপ্ৰলয়ে জলবিদ্যুৎ কেন্দ্ৰৰ লগতে শক্তি প্ৰকল্পত কাম কৰা শতাধিক লোকক উটুৱাই নিয়ে ৷ হিম বিস্ফোৰণৰ ফলত সংঘটিত এই বিধ্বংসী জলপ্ৰলয়ে উটুৱাই নিয়া শ্ৰমিক সকলৰ মৃত্যুৰ আশংকা কৰা হৈছে সন্ধানহীন শ্ৰমিক সকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান নিৰন্তৰ অব্যাহত আছে ৷ বৰ্তমানলৈকে প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰলয়ৰ ফলত সাত জন লোকৰ মৃত্যু হৈছে আৰু সন্ধানহীন প্ৰায় 170 জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ৷

বানে উটুৱাই নিয়া সাত জন লোকৰ শৰীৰ উদ্ধাৰ

দেওবাৰে ধৌলি গংগা, ঋষি গংগা আৰু অলকানন্দা নদীত হঠাৎ অহা প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ৰাইজৰ মাজতো তীব্ৰ আতংকৰ সৃষ্টি হয় ৷ জানিব পৰা মতে প্ৰলয়ংকাৰী বানৰ ফলত এনটিপিচিৰ দুটাকৈ শক্তি প্ৰকল্প ক্ৰমে তপোবন-বিঞ্চুগড় হাইডেল প্ৰজেক্ট আৰু ঋষি গংগা হাইডেল প্ৰজেক্টৰ বিস্তৰ ক্ষতিসাধন হয় ৷ হঠাৎ অহা বানৰ ফলত বহু কেইজন শ্ৰমিক সুৰংগতে আৱদ্ধ হৈ ৰৈ যায় বুলিও জানিব পৰা গৈছে ৷

এতিয়াও সন্ধানহীন 170 গৰাকী লোক

প্ৰাপ্ত তথ্য অনুসৰি 16 গৰাকী লোকক তপোবন প্ৰজেক্টৰ পৰা সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হয় যদিও 170 গৰাকীকৈ লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ জানিব পৰা মতে ৰাতি হৈ অহাৰ ফলত দুৰ্গম অঞ্চল সমূহত উদ্ধাৰ অভিযান চলোৱাটো যথেষ্ট কষ্টসাধ্য হৈ পৰে ৷

মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙ ৰাৱটে জানিবলৈ দিয়ে যে, বানত উঠি যোৱা লোকৰ মুঠ সাতটা শৰীৰ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানেও 125 গৰাকী লোক সন্ধানহীন হৈ আছে ৷ তেওঁ লগতে কয় যে পানী পৰ্বতৰ তললৈ তীব্ৰ ধাৰাত বৈ অহাৰ ফলত বহুকেইটা ঘৰো উটুৱাই নিয়ে ৷ বানে পৰ্বতৰ নিম্ন অংশৰ অধিক জনবহুল অঞ্চলসমূহৰ ক্ষতিসাধন কৰাৰো আশংকা কৰা হৈছে ৷ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে বহুকেইখন গাঁও ইতিমধ্যে খালী কৰি গাঁওবাসীক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷

বানত এনটিপিচিৰ দুটাকৈ শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি

গধূলিৰ ভাগত পৰ্বতৰ নিম্ন অংশৰ অঞ্চলসমূহ প্ৰায় সুৰক্ষিত আশা কৰা হয় ৷ কেন্দ্ৰীয় জল আয়োগে (চিডব্লিউচি) য়ে জানিবলৈ দিয়ে যে, কাষৰীয়া গাঁও সমূহত বৰ্তমান ভয়ৰ কোনো কাৰণ নাই ৷ অৱশ্যে দেওবাৰে নিশাৰ ভাগত ধৌলি গংগা নদীত পানীৰ স্তৰ পুনৰ বাঢ়ি যায়, যাৰ ফলত স্থানীয় লোক সকলৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হয় ৷ ইফালে পানীৰ স্তৰ বৃদ্ধি হোৱাক লৈ সামাজিক মাধ্যমত ভুৱা খবৰ বিয়পা বুলি অভিযোগ কৰি ৰাইজক এনে ভুৱা বাতৰি বিশ্বাস নকৰিবৰ বাবে মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙ ৰাৱটে টুইটাৰযোগে আহ্বান জনাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও জানিবলৈ দিয়ে যে, তেওঁ ৰাজ্যখনৰ অৱস্থা পৰ্যবেক্ষণ কৰি আছে আৰু সমগ্ৰ ভাৰত উত্তৰাখণ্ডৰ সৈতে আছে ৷ পশ্চিমবংগত এক ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলো ধৰণৰ সহায় সহযোগ কৰাৰ নিশ্চিতি প্ৰদান কৰে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়ে যে, প্ৰতিটো দলত 200 গৰাকীকৈ সদস্যৰে সৈতে এনডিআৰএফৰ চাৰিটা দল ডেৰডুনলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে যোশীমঠত উপস্থিত হৈ উদ্ধাৰ কাৰ্যত নামি পৰিব ৷

লগতে পঢ়ক:উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

ABOUT THE AUTHOR

...view details