নিউজ ডেস্ক ,১৮ জুনঃমহামাৰী ক'ৰণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সকলোকে মাস্ক আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছিল। তাৰ মাজতে কিছুমান ব্যক্তিয়ে এই সমূহ নীতি নিৰ্দেশনা মানি চলা নাই । তেনে ১০,৬৬৪ জন ব্যক্তিয়ে মাস্ক পৰিধান নকাৰৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে গোছৰ ৰুজু কৰিছে ।
উত্তৰাখণ্ডত ১০ হাজাৰ লোকৰ বিৰুদ্ধে FIR দাখিল মাস্ক পৰিধান নকৰাৰ বাবে - গোছৰ ৰুজু
১০ হাজাৰ লোকৰ বিৰুদ্ধে মাস্ক পৰিধান নকৰাৰ বাবে,২০০০ লোকৰ বিৰুদ্ধে সামাজিক দুৰত্ব অমান্য কৰাৰ বাবে উত্তৰাখণ্ড আৰক্ষীয়ে গোছৰ ৰুজু কৰিছে ।
উত্তৰাখণ্ডত ১০ হাজাৰ লোকৰ বিৰুদ্ধে FIR দাখিল মাস্ক পৰিধান নকৰাৰ বাবে
ইফালে ১৯৫৪ জন ব্যক্তিৰ বিৰুদ্ধে সামাজিক দুৰত্ব অমান্য কৰা,৫৯৪ জন ব্যক্তিৰ বিৰুদ্ধে কোৱাৰেন্টাইনৰ নীতি নিয়ম ভংগ কৰা, ২১১ জনে চ'ছিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য কৰাৰ বাবে FIR দাখিল কৰিছে আৰক্ষীয়ে। সকলোৰে বিৰুদ্ধে গোছৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি crime and Law order অধীক্ষক অশোক কুমাৰে জানিবলৈ দিয়ে ।
Last Updated : Jun 18, 2020, 3:28 PM IST