অসম

assam

ETV Bharat / bharat

ফৰিঙৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰোণ চলাব উত্তৰ প্ৰদেশ চৰকাৰে - Garuda Aerospace

আন ৰাজ্যৰ দৰে এতিয়া উত্তৰ প্ৰদেশতো উপদ্ৰৱ চলিছে ফৰিঙৰ । ফৰিঙৰ উপদ্ৰৱত অতিষ্ঠ এতিয়া উত্তৰ প্ৰদেশৰ খেতিয়ক । অৱশেষত এই ফৰিং নিয়ন্ত্ৰণৰ বাবে ৰাজস্থানৰ পন্থাকে অৱলম্বন কৰি আকাশত ড্ৰোণ উৰুওৱাৰ সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশ চৰকাৰে । ফৰিং নিয়ন্ত্ৰণৰ বাবে ১০ গৰাকীকৈ পাইলটৰ লগতে বহুকেইখন ড্ৰোণ যোগানেৰে শীঘ্ৰে এই সেৱা আগবঢ়াব গৰুড় এৰ'স্পেছে ।

Drones in UP to help control locust
ফৰিংৰ আক্ৰমণ নিয়ন্ত্ৰন কৰিবলৈ ড্ৰোন চলাব উত্তৰ প্ৰদেশ চৰকাৰে

By

Published : Jun 29, 2020, 12:34 AM IST

নিউজ ডেস্ক,28জুন: আন ৰাজ্যৰ দৰে এতিয়া উত্তৰ প্ৰদেশতো উপদ্ৰৱ চলিছে ফৰিঙৰ । ফৰিংৰ উপদ্ৰৱত অতিষ্ঠ এতিয়া উত্তৰ প্ৰদেশৰ খেতিয়ক । অৱশেষত এই ফৰিং নিয়ন্ত্ৰণৰ বাবে ৰাজস্থানৰ পন্থাকে অৱলম্বন কৰি আকাশত ড্ৰোণ উৰুওৱাৰ সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশ চৰকাৰে । ফৰিং নিয়ন্ত্ৰণৰ বাবে ১০ গৰাকীকৈ পাইলটৰ লগতে বহুকেইখন ড্ৰোণ যোগানেৰে শীঘ্ৰে এই সেৱা আগবঢ়াব গৰুড় এৰ'স্পেছে ।

বান্দা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা ফৰিং নিয়ন্ত্ৰণৰ বাবে ৫খনকৈ ড্ৰোণ যোগানৰ নিৰ্দেশনা দিছিল । এই নিৰ্দেশনাৰ পাছতে ১০ গৰাকী পাইলট সহিতে ড্ৰোণ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিশ্বিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া ক্ষতিগ্ৰস্ত এলেকা সমূহত পাইলটে আকাশত মুঠ ৫০ঘণ্টাকৈ ড্ৰোণ চলাব । এই তথ্য জনালে গৰুড় এৰ'স্পেছৰ পৰিচালন সঞ্চালক অগ্নিশ্বৰ জয়প্ৰকাশে।

ইতিমধ্যে ৰাজস্থানতো গৰুড় এৰ'স্পেছৰ তৰফৰ পৰা ফৰিং নিয়ন্ত্ৰণৰ বাবে ড্ৰোণ যোগানৰ কথাও অৱগত কৰিলে পৰিচালন সঞ্চালক গৰাকীয়ে ।

ফৰিংৰ আক্ৰমণ নিয়ন্ত্ৰন কৰিবলৈ ড্ৰোন চলাব উত্তৰ প্ৰদেশ চৰকাৰে

উল্লেখ্য যে, ফৰিং নিয়ন্ত্ৰণৰ বাবে দেশত পোন প্ৰথম বাৰ এইদৰে ড্ৰোণ ব্যৱহাৰ কৰা হৈছে । ফৰিং নিয়ন্ত্ৰণৰ বাবে খেতি পথাৰত কীটনাশক স্প্ৰে' কৰা দুটা প্ৰক্ৰিয়াৰ এটাত আকাশমাৰ্গৰ পৰা কীটনাশক স্প্ৰে' আৰু আনটো প্ৰক্ৰিয়াত খেতি পথাৰ ডৰাত ফৰিং পৰাৰ পূৰ্বেই কীটনাশক স্প্ৰে' কৰা হয় ।

এৰ'স্পেচৰ সঞ্চালক গৰাকীয়ে উল্লেখ কৰে যে, চৰকাৰী সংস্থাৰ পূৰ্বানুমানৰ ওপৰত ভিত্তি কৰি ফৰিং ক'ত আহি পৰিব সেয়া তেওঁলোকক ৰাজ্য চৰকাৰে অৱগত কৰিব আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে সেই স্থানত উপস্থিত হৈ ফৰিং নিয়ন্ত্ৰণৰ বাবে ড্ৰোণ সাজু কৰা হ'ব, যদিও তেওঁলোকৰ হাতত খুউব সিমীত সময়হে থাকিব ।

লগতে পঢ়ক :খোৱাঙত সন্ধানহীন ছাত্ৰঃ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সন্দেহ

ABOUT THE AUTHOR

...view details