অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ সংঘৰ্ষঃ ১২ জনক আটক - উত্তৰ প্ৰদেশ

ভূমি ভাগ কৰাক কেন্দ্ৰ কৰি বিগত বহু বছৰৰ পৰা সংঘৰ্ষত লিপ্ত হৈ আছে দুয়োটা দল। ক্ৰমাত্ এই সংঘৰ্ষ অধিক বৃদ্ধি পায় আৰু শুকুৰবাৰে ইটা আৰু শিল দলিয়াই কাজিয়াত লিপ্ত হয় দুয়ো পক্ষ।

Uttar Pradesh
Uttar Pradesh: Six held as two groups resort to stone pelting over land dispute

By

Published : Jun 12, 2020, 4:02 PM IST

নিউজ ডেস্ক, ১২ জুনঃ উত্তৰ প্ৰদেশৰ জৌনপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত তুমুল ৰণ। এটা পক্ষই আন এটা পক্ষক শিল দলিয়াই আক্ৰমন কৰে। সোণাৰী আৰু আমৰা গাঁৱৰ দুই পক্ষৰ মাজত সংঘটিত এই সংঘৰ্ষত ৬ জনৰ অধিক লোক আহত হয়। ইতিমধ্যে,এই সংঘৰ্ষত জড়িত ১২ জনৰো অধিক লোকক আটক কৰে আৰক্ষীয়ে। শুকুৰবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই কথা ।

উত্তৰ প্ৰদেশত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ সংঘৰ্ষঃ ১২ জনক আটক

আৰক্ষী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি,ভূমি ভাগ কৰাক কেন্দ্ৰ কৰি বিগত বহু বছৰৰ পৰা সংঘৰ্ষত লিপ্ত হৈ আছে দুয়োটা দল। ক্ৰমাৎ এই সংঘৰ্ষ অধিক বৃদ্ধি পায় আৰু শুকুৰবাৰে ইটা আৰু শিল দলিয়াই কাজিয়াত লিপ্ত হয় দুয়ো পক্ষ।

প্ৰথমে অমৰ গাঁৱত এই সংঘৰ্ষ আৰম্ভ হৈ পাছত সোণাৰী গাঁৱলৈ সম্প্ৰসাৰিত হয় এই কাজিয়া। ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অভিযোগত ছয়গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীৰে। লগতে,সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লদতে চাওকঃ অবৈধ শিল-বালি খনন কাৰ্যত জড়িতক কঠোৰ সকীয়নি বনমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details