অসম

assam

ETV Bharat / bharat

হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি - গণধৰ্ষণ

হাথৰসৰ গণধৰ্ষণ কাণ্ডৰ তদন্তৰ দায়িত্বত থকা বিশেষ তদন্তকাৰী দলক প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি কৰিলে উত্তৰ প্ৰদেশৰ চৰকাৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত বৃ্দ্ধি কৰা হৈছে প্ৰতিবেদন জমা দিয়াৰ সময়সীমা।

হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি
হাথৰস কাণ্ড: SITৰ প্ৰতিবেদন জমা দিয়াৰ সময় ১০দিনলৈ বৃদ্ধি

By

Published : Oct 7, 2020, 11:49 AM IST

নেশ্যনেল ডেস্ক, ৭অক্টোবৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশৰ পিছতে বৃদ্ধি কৰা হৈছে হাথৰস কাণ্ডৰ প্ৰতিবেদন জমা দিয়াৰ সময়। বিশেষ তদন্তকাৰী দলক হাথৰস কাণ্ডৰ প্ৰতিবেদন জমা দিবলৈ আৰু ১০ দিন সময় দিছে উত্তৰ প্ৰদেশ চৰকাৰে। হাথৰসৰ গণধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশমৰ্মে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল। পূৰ্বে নিৰ্ধাৰিত সময়মতে আজি প্ৰতিবেদন জমা দিবলগীয়া আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সময়সীমা বৃদ্ধি কৰা হয়।

এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী অৱনীশ কে অৱস্থীয়ে। প্ৰথম প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে হাথৰসৰ আৰক্ষী অধীক্ষক, ডি.এছ.পি আৰু আন কেইবাগৰাকীও আৰক্ষী বিষয়াক নিলম্বন কৰিছে। তেওঁলোকৰ পলিগ্ৰাফ আৰু নাৰ্ক'এনালাইছিছ পৰীক্ষণৰ আহ্বান জনোৱা হৈছে। আনহাতে, মুখ্যমন্ত্ৰী আদিত্যনাথে হাথৰস ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অনুৰোধ জনাইছে। উল্লেখ্য যে, যোৱা ২৯ ছেপ্টেম্বৰত দিল্লীৰ সফদৰজংগ হাস্পতালত হাথৰসৰ এগৰাকী ১৯বছৰীয়া যুৱতীৰ মৃত্যু হৈছিল।

এই ঘটনাত জড়িত থকাৰ অভিযোগত ৪জন অভিযুক্তত গ্ৰেপ্তাৰ কৰা হৈছে। ১৪ ছেপ্টেম্বৰত হাথৰসৰ এখন গাঁৱত দলিত যুৱতীগৰাকী গণধৰ্ষণৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। যুৱতীগৰাকীৰ মৃত্যু আৰু পিতৃ-মাতৃৰ অনুমতি অবিহনে মৃতদেহ সৎকাৰক লৈ আৰক্ষীয়ে কৰা মইমতালিক লৈ ক্ষোভৰ উদগীৰণ হয়। দোষীৰ শাস্তিৰ দাবীত সমগ্ৰ দেশতে এতিয়াও প্ৰতিবাদ অব্যাহত আছে।

লগতে পঢ়ক:নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

ABOUT THE AUTHOR

...view details