অসম

assam

কোভিড-19ত আক্ৰান্ত উত্তৰ প্ৰদেশৰ চিকিৎসকৰ দিল্লীত মৃত্যু

By

Published : Apr 12, 2020, 2:11 PM IST

উত্তৰ প্ৰদেশৰ এগৰাকী চিকিৎসকৰ দেহত কোভিড-19 ধৰা পৰাৰ পিচতে তেওঁক দিল্লীৰ চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে অৱশেষত মৃত্যুক সাৱতি লয় চিকিৎসকগৰাকীয়ে ৷

কোভিড-19ত আক্ৰান্ত উত্তৰ প্ৰদেশৰ চিকিৎসকৰ দিল্লীত মৃত্যু
কোভিড-19ত আক্ৰান্ত উত্তৰ প্ৰদেশৰ চিকিৎসকৰ দিল্লীত মৃত্যু

নিউজ ডেস্ক, 12 এপ্ৰিলঃউত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ বাসিন্দা তথা পেছাত এগৰাকী চিকিৎসক, কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয় ৷ চিকিৎসকগৰাকীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পিচতে তেওঁক দিল্লীৰ চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু প্ৰায় এমাহযোৰা চিকিৎসাৰ অন্তত শনিবাৰে মৃত্যুক সাৱতি লয় চিকিৎসকগৰাকীয়ে ৷

ইতিমধ্যে চিকিৎসকগৰাকীৰ পত্নী আৰু পুত্ৰক আছুতীয়া নিৰীক্ষণত ৰখা হৈছে আৰু তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি সেয়া পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ কিন্তু দুয়োৰে তেজৰ নমুনাৰ ফলাফল আহিবলৈ এতিয়াও বাকী আছে ৷

চিকিৎসকগৰাকীৰ পৰিয়ালে তেওঁক ওচৰৰে তিনিখনকৈ চিকিৎসালয়ত ভৰ্তি কৰায়ো ব্যৰ্থ হোৱাত 8 এপ্ৰিলত দিল্লীৰ চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰাইছিল ৷ ইতিমধ্যে চিকিৎসকগৰাকীৰ ব্যক্তিগত ক্লিনিক আৰু তেওঁৰ আৱাসিক অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি দিয়াৰ লগতে ছেনিটাইজ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷

শনিবাৰ পৰ্যন্ত উত্তৰ প্ৰদেশত 431 টা কোভিড-19ৰ ঘটনা পোহৰলৈ অহাৰ লগতে এতিয়ালৈকে 19 গৰাকী লোকে মৃত্যুমুখত পৰিছে ৷

ABOUT THE AUTHOR

...view details