নিউজ ডেস্ক, ৫ জুলাই :উত্তৰ প্ৰদেশৰ ৰামপুৰ চহৰত দেওবাৰে এটা তিনি মহলীয়া কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা এগৰাকী ৩৩ বছৰীয়া কোভিড সন্দেহজনক ৰোগীয়ে আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে ।
চিকিৎসক ডা৹ সুবোধ কুমাৰৰ মতে, ব্যক্তি গৰাকীৰ মাতৃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে তেওঁক সন্দেহজনকভাবে কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল বুলি জানিবলৈ দিয়ে ।
তথ্য অনুসৰি, মহিলা গৰাকীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পিচতে দুই সন্তানক উক্ত কেন্দ্ৰটোত ৰখা হৈছিল । দুই পুত্ৰৰ এজনৰ সুৰাৰ প্ৰতি আসক্তি থকাৰ বাবেই বিৰক্তি অনুভৱ কৰি ছাদৰ ওপৰত গৈ তাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ।
তেওঁ আৰু জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ পিচতে ব্যক্তি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুৱা ৫ বজাত তেখেতৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ ৭৬২৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ৭৭৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে ।