নিউজ ডেস্ক, 21 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বুধবাৰে উত্তৰ প্ৰদেশৰ দেবৰিয়া জিলাৰ জনতা পাৰ্টীৰ বিধায়ক জনমেজয় সিং হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ 75 বছৰীয়া বিধায়কগৰাকীক পোনপ্ৰথমে জিলাখনৰ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে বিধায়কগৰাকীক লোহিয়া চিকিৎসা সংস্থানলৈ স্থানান্তৰিত কৰা হয় বুলি জানিব পৰা গৈছে ৷
লোহিয়া সংস্থানৰ ডাঃ ৰাম মনোহৰ নামৰ চিকিৎসকগৰাকীয়ে জনোৱা অনুসৰি, হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচত তেওঁৰ শৰীৰত পেচমেকাৰ স্থাপন কৰাৰ পিচত তেওঁৰ মৃত্যু হয় ৷