অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত পথ দুৰ্ঘটনা: নিহত 8, আহত 2

বিচলপুৰত অতি বেগেৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিপৰীত দিশৰ পৰা বাইকত অহা এটা দম্পতীক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী ৰুচি শ্ৰীবাস্তৱ ৷ ইয়াৰ পিচতে নিয়ন্ত্ৰণহীন ট্ৰাকখনে এখন চাৰিচকীয়া বাহনত খুন্দা মাৰাৰ ফলত বাহনখনৰ চালকজনৰ লগতে একেটা পৰিয়ালৰ 5 জন লোক নিহত হয় ৷

By

Published : Oct 31, 2019, 12:02 AM IST

বৰেলীত সংঘটিত পথ দুৰ্ঘটনা

উত্তৰ প্ৰদেশ, 30 অক্টোবৰ:বুধবাৰে উত্তৰ প্ৰদেশৰ বৰেলীৰ বিচলপুৰত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আঠ জন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় দুজন লোক ৷ তথ্য অনুসৰি, বৰেলী অন্তৰ্গত বিচলপুৰত অতি বেগেৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিপৰীত দিশৰ পৰা বাইকত অহা এহাল দম্পত্তিক খুন্দা মাৰে ফলত বাইক আৰোহী ৰুচি শ্ৰীবাস্তৱ থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বভাৱে আহত হয় মহিলাগৰাকীৰ স্বামী ৷ ইয়াৰ পিচতে নিয়ন্ত্ৰণহীন ট্ৰাকখনে এখন চাৰিচকীয়া বাহনত খুন্দা মৰাৰ ফলত বাহনখনৰ চালকজন আৰু একেটা পৰিয়ালৰ 5 জন লোক নিহত হয় ৷ লগতে বাহনখনত থকা অন্য এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ৷ আহত লোকসকলক বৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিহত ৰুচি শ্ৰীবাস্তৱৰ স্বামীৰ অৱস্থা অতি সংকটজনক বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ আনহাতে উক্ত দুৰ্ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী প্ৰশাসন ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details