অসম

assam

শনিবাৰে উত্তৰ প্ৰদেশৰ তিনি ঠাইত ভয়ংকৰ পথ দুৰ্ঘটনা,নিহত 16

ফাৰুখাবাদৰ পৰা জয়পুৰ অভিমুখে গৈ থকা বাছখন কনৌড় গাঁৱৰ জিটি ৰোডত এখন ট্ৰাকখনৰ সৈতে মুখামুখি সংৰ্ঘষত লিপ্ত হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে ট্ৰাক আৰু বাছ দুয়োখনতেই সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ দুৰ্ঘটনাত আহত আৰু নিহতসকললৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সাহায্য ঘোষণা ৷

By

Published : Jan 11, 2020, 9:01 AM IST

Published : Jan 11, 2020, 9:01 AM IST

Updated : Jan 11, 2020, 11:33 AM IST

Knnod bus accident 10 died
উত্তৰ প্ৰদেশৰ কনৌড়ত বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষ,নিহত 10

নেশ্যনেল ডেক্স,11 জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ কনৌড়ত ভয়ংকৰ দুৰ্ঘটনা ৷ বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষৰ ফলত নিহত 10 জনকৈ বাছ আৰোহী ৷ ফাৰুখাবাদৰ পৰা জয়পুৰ অভিমুখে গৈ থকা বাছখন কনৌড় গাঁৱৰ জিটি ৰোডত এখন ট্ৰাকখনৰ সৈতে মুখামুখি সংৰ্ঘষত লিপ্ত হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে ট্ৰাক আৰু বাছ দুয়োখনতেই সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ যাৰ ফলত বাছখনত আবদ্ধ কিছুসংখ্যক যাত্ৰীক উলিয়াই আনিবৰ সক্ষম নহ’ল ৷ নিশা প্ৰায় 1 বজাত ঘটনাস্থলীত আয়ুক্ত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ ইতিমধ্যে দুৰ্ঘটনাটোত আহত 22 জনকৈ যাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখ্য যে,বাছখনত প্ৰায় 50ৰ পৰা 55 জন যাত্ৰী আছিল ৷ ইয়াৰ বেছিসংখ্যকেই বালাজী দৰ্শনৰ বাবে গৈ আছিল আৰু কিছু সংখ্যক কৰ্মৰ সন্ধানত জয়পুৰলৈ যোৱা লোক আছিল ৷ দুৰ্ঘটনাত নিহতসকললৈ 2 লাখ আৰু আহতসকললৈ 50 হাজাৰ টকাৰ সাহায্য ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৷

উত্তৰ প্ৰদেশৰ কনৌড়ত বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষ

ঘটনা সন্দৰ্ভত টুইটাৰযোগে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

টুইটাৰযোগে সমবেদনা প্ৰধানমন্ত্ৰীৰ

সমান্তৰালকৈ, শনিবাৰে ৰাজ্যখনৰ কুশীনগৰ আৰু মথুৰোতো সংঘটিত হয় পথ দুৰ্ঘটনা ৷ কুশীনগৰত ঘন কুৱলীৰ বাবে পথৰ পৰা খাৱৈত বাগৰি পৰে এখন স্কুল বাছ ৷ বাছখনত আছিল 27 টা শিশু ৷ আটাইকেইজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ মাজৰ 10 জনৰ অৱস্থা সংকটজনক ৷

কুশীনগৰত খাৱৈত পৰে স্কুল বাছ

আনহাতে, মথুৰাৰ আগ্ৰা-দিল্লী ৰাজপথত পথৰ কাষত জিৰণি লৈ থকা 15 জনকৈ লোকক এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে ৷ 12 জনৰ অৱস্থা অতি সংকটজনক ৷ আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি ৷

মথুৰাৰ আগ্ৰা-দিল্লী ৰাজপথত দুৰ্ঘটনা

লগতে পঢ়ক-সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Last Updated : Jan 11, 2020, 11:33 AM IST

ABOUT THE AUTHOR

...view details