অসম

assam

By

Published : Sep 4, 2020, 2:01 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ খেৰিত ধৰ্ষণ কৰি হত্যা 3 বছৰীয়া কণমানিক

উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত কুঁহিয়াৰ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এটি তিনিবছৰীয়া কণমানিৰ মৃতদেহ ৷ মৃত্যুৰ পূৰ্বে কনমানিটোক ধৰ্ষণ কৰাৰ কথা সদৰি কৰিছে জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷ এইটো জিলাখনত সংঘটিত হোৱা তৃতীয়টো অনুৰূপ ঘটনা ৷

Uttar Pradesh: 3-year-old raped before murder in Lakhimpur Kheri
উত্তৰ প্ৰদেশৰ খেৰিত ধৰ্ষণ কৰি হত্যা 3 বছৰীয়া কণমানিক

নেশ্যনেল ডেক্স, 4 চেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত কুঁহিয়াৰ খেতিৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এটি তিনিবছৰীয়া কণমানিৰ মৃতদেহ ৷ মৃত্যুৰ পূৰ্বে কণমানিটোক ধৰ্ষণ কৰাৰ কথা সদৰি কৰিছে জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷ এইটো জিলাখনত সংঘটিত হোৱা তৃতীয়টো অনুৰূপ ঘটনা ৷

ঘটনা সন্দৰ্ভত মন্তব্য কৰি আৰক্ষী অধিক্ষক সত্যেন্দ্ৰ কুমাৰ সিঙে কয় যে, ‘বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা কণমানিটোৰ মৃতদেহটোত কেইবাটাও আঘাটৰ চিন স্পষ্ট হৈ আছে ৷ ইয়াৰ উপৰিও মৰণোত্তৰ পৰীক্ষাত ধৰ্ষণৰ তথ্যও পোহৰলৈ আহিছে ৷ ইতিমধ্যে আমাৰ সাতজনীয়া আৰক্ষীৰ দলে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ মই নিজেও ঘটনাৰ তদন্তৰ বাবে কুঁহিয়াৰ খেতিখন পৰ্যবেক্ষণ কৰিছো ৷ প্ৰয়োজন সাপেক্ষে অভিযুক্ত সকলৰ বিৰুদ্ধে NSA আবেদন কৰা হ’ব ৷’

আনহাতে,পুৰণি শত্ৰুতাৰ বাবে একেখন গাঁৱৰে লেখৰাম নামৰ লোকজনে কণমানিটোক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে পিতৃয়ে ৷ ইতিমধ্যে লেখৰামৰ বিৰুদ্ধে হত্যাৰ গোচৰে ৰুজু কৰা হৈছে আৰক্ষী চকীত ৷ ইয়াৰ পূৰ্বেও উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাই 17 বছৰীয়া এগৰাকী কিশোৰীৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত সংবাদমাধ্যমৰ শিৰোণাম দখল কৰিছিল ৷

এই দুয়োটা ঘটনাৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল জিলাখনত ৷ য’ত এগৰাকী 13 বছৰীয়া কিশোৰীক কুঁহিয়াৰৰ খেতিৰ মাজত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷

এই আটাইকেইটা ঘটনাৰ বাবে কংগ্ৰেছ তথা সমাজবাদী পাৰ্টীৰ নেতাসকলৰ পৰা তীব্ৰ সমলোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে যোগী আদিত্যনাথৰ চৰকাৰ ৷

লগতে পঢ়ক-কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ

ABOUT THE AUTHOR

...view details