নিউজ ডেস্ক, 24 আগষ্ট :সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰীয়ে ত্ৰাস চলাই থকাৰ সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে চীনা সামগ্ৰী বিৰোধী আন্দোলন ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় চীনা এপছ WECHAT ক ইতিমধ্যে ৰাষ্ট্ৰখনত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্পে ৷
আনহাতে, ৰাষ্ট্ৰপ্ৰতি গৰাকীৰ এই সিদ্ধান্তৰ পিচতে বৰ্তমান জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰখনৰ WECHAT ব্যৱহাৰকাৰী সকল ৷ আনকি, ৰাষ্ট্ৰপ্ৰতিৰ সিদ্ধান্তক বিৰোধ কৰি শুকুৰবাৰে WECHAT ব্যৱহাৰকাৰী সকলে আদালতত এক গোচৰ ৰুজু কৰিছে ৷ ব্যৱহাৰকাৰী সকলৰ ভাষ্য অনুসৰি, চৰকাৰে এই এপছ্টো নিষিদ্ধ কৰাক সিদ্ধান্ত গ্ৰহণ কৰি, জনসাধাৰণৰ বাক স্বাধীনতা তথা সাংবিধানিক অধিকাৰ উলংঘা কৰিছে ৷