অসম

assam

ETV Bharat / bharat

নাইট্ৰিক অক্সাইডে ক'ভিড-19ক বাধা দিব পাৰে : আমেৰিকান বিশ্ববিদ্যালয় - নাইট্ৰিক অক্সাইড

আমেৰিকাৰ ইউএছ মেডিকেল ইউনিভাৰ্ছিটীৰ মতে,নাইট্ৰিক অক্সাইডে ভাস্কুলাৰ ফাংচন সাধাৰণভাৱে কাম কৰাৰ লগতে ইনফ্লেমেটেৰি কাছকেডছ নিয়ন্ত্ৰিত কৰি ৰাখে,যিয়ে হৃদযন্ত্ৰৰ আঘাত আৰু শ্বাসতন্ত্ৰৰ অৱসাদ দূৰ কৰি ৰাখে ৷

নাইট্ৰিক অক্সাইডে কোভিড-19ক বাধা দিব পাৰে
নাইট্ৰিক অক্সাইডে কোভিড-19ক বাধা দিব পাৰে

By

Published : Jul 28, 2020, 4:15 PM IST

নিউজ ডেস্ক, 28 জুলাই : ক'ভিড--19 মহামাৰীৰ মাজতে প্ৰতিষেধকক লৈ গুৰুত্ব অব্য়াহত থকাৰ সময়তে,আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্ছিটীৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত,নাইট্ৰিক অক্সাইড,যাক এন্টিমাইক্ৰবিয়েল আৰু এন্টি ইনফ্লেমেটৰি মোলেকুল হিচাপে জনা যায়,ইয়ে মাৰাত্মক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি প্ৰকাশ পাইছে ৷

বিশ্ববিদ্যালয়খনৰ মতে,নাইট্ৰিক অক্সাইডে ভাস্কুলাৰ ফাংচন সাধাৰণভাৱে কাম কৰাৰ লগতে ইনফ্লেমেটেৰি কাছকেডছ নিয়ন্ত্ৰিত কৰি ৰাখে,যিয়ে হৃদযন্ত্ৰৰ আঘাত আৰু শ্বাসতন্ত্ৰৰ অৱসাদ দূৰ কৰি ৰাখে ৷

ইনফ্লেমেটৰি কাছকেডছ হৈছে এক মেডিকেল কণ্ডিশ্যন যিয়ে ছিষ্টেমেটিক ইনফ্লেমেটৰি ৰেছপন্স কমাই ৰাখে আৰু যিয়ে এতিয়ালৈকে মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাত কোনো বিশেষ উত্থাপন হোৱা দেখা যোৱা নাই ৷

বিশ্ববিদ্যালয়খনৰ চিকিৎসকৰ দলটোৱে 1993 আৰু 2020ৰ ভিতৰত তথ্যসমূহৰ ক্ষেত্ৰত কৰ'ণা ভাইৰাছৰ পাথোজেনেছিচ পৰীক্ষা কৰে আৰু ইয়াৰ চিকিৎসা হিচাপে নাইট্ৰিক অক্সাইড ব্যৱহাৰ কৰে ৷

চিকিৎসকৰ দলটোৱে নাইট্ৰিক অক্সাইড শুঙি লোৱাটোত অধিক গুৰুত্ব দিয়ে আৰু যিয়ে এই মহামাৰীৰ সময়ত এক উল্লেখনীয় ক্লিনিকেল ব্যৱস্থা হিচাপে দেখা দিছে ৷ অৱশ্যে দলটোৱে ইয়াক লোৱাৰ পূৰ্বে ইয়াৰ ব্যৱহাৰৰ ওপৰত নিৰ্দিষ্ট নিয়মসমূহ মানি চলাটোত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে ৷

"ক'ভিড--19 মহামাৰী হিচাপে উদ্ভৱ হোৱাৰ পিচৰে পৰাই,মানৱ দেহ আৰু স্বাস্থ্য়খণ্ডত বিৰূপ প্ৰভাৱে পেলাইছে,ৰোগীসকলে এইক্ষেত্ৰত অধিক প্ৰভাৱশালী এজেন্টৰ ওপৰত ভৰষা কৰিছে,যিয়ে তেওঁলোকৰ দেহত এই মহামাৰী ৰোধ কৰিব পাৰে ৷" প্ৰতিবেদন প্ৰস্তুতকৰ্তা দলৰ এগৰাকী সদস্য তথা চিকিৎসক আদাম ফ্ৰেইডমেনে এইদৰে কয় ৷

লগতে পঢ়কঃ১০০ বছৰত ভৰি থলে স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মাজিথিয়া

ABOUT THE AUTHOR

...view details