নিউজ ডেস্ক, 28 ডিচেম্বৰঃশীঘ্ৰেই আমেৰিকা আৰু তালিবানৰ মাজত সম্পাদন হ'ব শান্তি চুক্তি ৷ পৰৱৰ্তী সময়ত আমেৰিকা আৰু তালিবানৰ মাজত শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত দুয়োয়ে এক সময়সীমা নিৰ্ধাৰণ কৰিব ৷ যুদ্ধবিৰতিৰ দুটা চৰ্ত আছে -- আমেৰিকাৰ লগত যিকোনো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে তালিবানে যুদ্ধবিৰতি ঘোষণা কৰিব লাগিব আৰু দ্বিতীয়তে আফগানিস্তানত থকা নাগৰিকসকলে এই চুক্তিত পূৰ্ণ সঁহাৰি জনাব লাগিব ৷ প্ৰথম চৰ্তটোত তালিবান কেতিয়াও মান্তি নহ'ব বুলি প্ৰকাশ কৰে তালিবানৰ প্ৰাক্তন কামাণ্ডাৰ ছৈয়দ আকবৰ আঘাই ৷
এই শান্তি চুক্তিখনে আমেৰিকা আৰু আফগানিস্তানৰ মাজত যুদ্ধবিৰতি হোৱাত সহায় কৰিব বুলি পাকিস্তানে আশা কৰে বুলি কাবুলস্থিত পাকিস্তানৰ ৰাষ্ট্ৰদূত জাহিদ নছৰুল্লাহ খানে প্ৰকাশ কৰে ৷ শান্তিবাৰ্তাৰ হকে কাম কৰাৰ্থে এটা দল নিৰ্মাণৰ বাবে আফগানিস্তানৰ কিছু সংখ্যক ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা অব্যাহত আছে ৷ একমাত্ৰ আফগান প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাইহে দুয়োখন ৰাষ্ট্ৰৰ মাজত শান্তিৰ দুৱাৰ মুকলি কৰিব বুলি আফগানিস্তানৰ মুখ্য কাৰ্যবাহী আব্দুল্লা আব্দুল্লাই উল্লেখ কৰে ৷