নিউজ ডেস্ক, 1 নৱেম্বৰঃ আমেৰিকান কোম্পানী সমূহৰ আৰ্থিক বিকাশ, সুবিধা বৃদ্ধি, ভাৰতৰ 5 ট্ৰিলিয়ন অৰ্থব্যৱস্থা সন্দৰ্ভত আমেৰিকাৰ সহযোগিতাৰ বাবে শুকুৰবাৰে আমেৰিকাৰ কোষাগাৰৰ সচিব ষ্টেভিভেন মেনুচিনে আমেৰিকান কোম্পানী সমূহৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ নীতিৰ ক্ষেত্ৰত ভাৰতক কিছু পৰিমাণে শিথিল কৰি দিয়াৰ দাবী উত্থাপন কৰে ৷
ভাৰত-আমেৰিকা সপ্তম আৰ্থিক সহযোগিতা বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ষ্টেভিভেন মেনুচিনে ৷ তেওঁ কয় যে, আগন্তুক দিনবোৰত দুয়োখন দেশৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত একলগে কাম কৰিব ৷ আমি ভাৰতৰ 5 ট্ৰিলিয়ন অৰ্থনীতি অতিক্ৰম লক্ষ্যৰে আগবাঢ়ি যাম ৷ দেশখনে এই লক্ষ্যত উপনীত হ'ব বুলি মোৰ বিশ্বাস আছে বুলিও মন্তব্য কৰে আমেৰিকাৰ কোষাগাৰৰ সচিবগৰাকীয়ে ৷