অসম

assam

By

Published : Jun 26, 2019, 2:37 PM IST

ETV Bharat / bharat

ভাৰতত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইকেল পামপিও

জি20 সন্মিলনত হ'বলগীয়া নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্পৰ সভাৰ পূৰ্বেই তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইকেল পামপিও ৷ S-400 ক্ষেপনাস্ত্ৰ প্ৰনালীকে ধৰি কাটছা আইন সন্দৰ্ভত শীৰ্ষ ভাৰতীয় আমোলাৰ সৈতে আলোচনাত মিলিত হ'ব পমপিও ৷

মাইকেল পামপিও

নিউজ ডেস্ক, 26 জুনঃ লোকসভা নিৰ্বাচনৰ পিচতেই প্ৰথমবাৰৰ বাবে উচ্চ-পৰ্যায়ৰ বৈদেশিক আমোলাতান্ত্ৰিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে ভাৰতত আহি উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইকেল পামপিও ৷ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উচ্চ-পৰ্যায়ৰ আমেৰিকান আমোলাৰ দলৰ সৈতে মঙলবাৰে নিশা নতুন দিল্লীত উপস্থিত হয় আমেৰিকাৰ শীৰ্ষ বিষয়াগৰাকী ৷

ভাৰতত উপস্থিত মাইকেল পামপিও

কাটছাক লৈ ভাৰত-আমেৰিকাৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে ভাৰতত আহি উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষ আমোলাগৰাকী ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডাঃ এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সামৰিক-বাণিজ্যিক কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব ৷ ইয়াৰ উপৰিও, সন্ত্ৰাসবাদ, H1B ভিছা, ৰাছিয়াৰ সৈতে সম্পাদিত S400 ক্ষেপনাস্ত্ৰ চুক্তি, ইৰাণ-ভাৰতৰ মাজৰ তৈল চুক্তিৰ বিষয়েও আলোচনাত মিলিত হ'ব দুয়োখন দেশৰ আমোলাসকল ৷ বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষ আমোলাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰিব ৷ এই আলোচনাতে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোডীক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হৈ আনুষ্ঠানিক শুভেচ্ছা প্ৰদান কৰিব ষ্টেট ছেক্ৰেটাৰীগৰাকীয়ে ৷ আবেলিৰ ভাগত ভাৰতৰ বৈদেশিক মন্ত্ৰী তথা দেশৰ এগৰাকী অন্যতম প্ৰাক্তন আমোলা ডাঃ এছ জয়শংকৰৰ সৈতে বৈদেশিক পৰিক্ৰমা সন্দৰ্ভত আলোচনাত মিলিত হ'ব মাইকেল পামপিও ৷

ABOUT THE AUTHOR

...view details