অসম

assam

ETV Bharat / bharat

লাডেনৰ পুত্ৰৰ শিৰৰ মূল্য নিৰ্ধাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ

এই কথা বিশ্ববাসীক অৱগত কৰে আমেৰিকাৰ কূটনৈতিক নিৰাপত্তা বিভাগৰ সহকাৰী সচিব মিচেল টি ইভানফে ।

By

Published : Mar 1, 2019, 3:09 PM IST

etv bharat

নিউজ ডেস্ক,1 মাৰ্চঃ ওচামা বিন লাডেনৰ পুত্ৰৰ শিৰৰ মূল্য 1 মিলিয়ন ডলাৰ ধাৰ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ। কোনো ব্যক্তিয়ে লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ তথ্য প্ৰদান কৰিলে তেওঁক আমেৰিকাই প্ৰদান কৰিব 1 মিলিয়ন ডলাৰ । বৃহস্পতিবাৰে এই কথা বিশ্ববাসীক অৱগত কৰে আমেৰিকাৰ কূটনৈতিক নিৰাপত্তা বিভাগৰ সহকাৰী সচিব মিচেল টি ইভানফে ।

us

এক সংবাদমেলত এই কথা প্ৰকাশ কৰি সহকাৰী সচিবগৰাকীয়ে উল্লেখ কৰে যে, হামজা বিন লাডেনৰ নেতৃত্বত শক্তিশালী হৈ উঠিছে অল-কায়দা। ওচামা বিন লাডেনৰ মৃত্যুৰ পাচত দুৰ্বল হৈ পৰা অল-কায়দাক পুনৰ শক্তিশালী কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাৰ্যপন্থা হাতত লৈছে লাডেনৰ পুত্ৰ হামজাই । আমেৰিকাৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যপন্থা হাতত ল'বলৈ হামজা বিন লাডেনে ইণ্টাৰনেট যোগে নিজৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে মিচেল টি ইভানফে। হামজাৰ কাৰ্যপন্থাৰ বাবে তেওঁক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ।

ABOUT THE AUTHOR

...view details