নিউজ ডেস্ক, ২৭ এপ্ৰিলঃমহামাৰী কোভিড-১৯ক লৈ চীন আৰু আমেৰিকাই অভিযোগ প্ৰতি-অভিযোগৰ এখন খেল আৰম্ভ কৰিছে । কিন্তু কিছুমাহ পূৰ্বে তেওঁলোকে যুটীয়াভাৱে এক গৱেষণা পত্ৰ লিখিছিল য'ত এটা গৱেষকৰ দলে নাগালেণ্ডৰ এখন দুৰ্গম গাঁৱত বাস কৰা এটা বিশেষ নগা জনগোষ্ঠীৰ ৮৫ গৰাকী নগাৰ পৰা তেজৰ নমুনা সন্দৰ্ভত উল্লেখ আছিল । সমগ্ৰ প্ৰকল্পটো আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে, মিলিটাৰী আৰু জীৱবিজ্ঞানীৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰিবৰ বাবে পূঁজিৰ যোগান ধৰিছিল ।
আমেৰিকা আৰু চীন তথা ভাৰতত শীৰ্ষ ভাইৰোল'জি বিজ্ঞানীয়ে এই বৈজ্ঞানিক গৱেষণা পত্ৰখন প্ৰস্তুত কৰিছিল, য'ত বাদুলী আৰু মানুহৰ দেহলৈ ভাইৰাছৰ সংক্ৰমণৰ ওপৰত অধ্যয়নৰ বিষয়ে উল্লেখ কৰিছিল । কিন্তু, শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ উৎপত্তি বাদুলীৰ পৰাই হৈছে বুলি যুক্তি আগবঢ়োৱা হৈছে । বাদুলী কেতবোৰ ৰোগকাৰক কঢ়িয়াই ফুৰে বুলি বদনাম আছে, যিয়ে প্ৰাণীৰ দেহৰ পৰা মানুহৰ দেহলৈ ভাইৰাছ কঢ়িয়াই ফুৰে ।
২০১৭ চনত বিজ্ঞানীৰ এটা দলে নাগালেণ্ডৰ এটা বিশেষ নগা জনগোষ্ঠীৰ ওপৰত অধ্যয়ন কৰাৰ লগতে ৮৫ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল, যিটো জনগোষ্ঠীয়ে সাতটা প্ৰজন্ম ধৰি বাদুলীক খাদ্য আৰু পৰম্পৰাগত ঔষদৰ বাবে পালন কৰি আহিছে । ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী নগা গাঁৱখনৰ পৰা সংগ্ৰহ কৰা হৈছিল এইসমূহ নমুনা ।
এই দলটোৰ নেতৃত্বত থকা বিজ্ঞানীসকলৰ ভিতৰত দুগৰাকী য়ুহান ইনষ্টিটিউট অৱ ভাইৰোল'জিৰ পৰাও আছিল । ইয়াৰ এগৰাকী বিজ্ঞানী আছিল ছি ঝেংগলি, যি ছাৰছৰ দৰে কৰ'ণা ভাইৰাছৰ বিশেষজ্ঞ আছিল । চীনৰ বাদুলী মহিলা বুলি জনাজাত এইগৰাকী বিজ্ঞানীয়ে বাদুলীৰ পৰা হোৱা ভাইৰাছৰ সংক্ৰমণ গৱেষণাৰ বাবে জনাজাত । এইগৰাকী বিজ্ঞানী চীনৰ চেন্টাৰ ফৰ ইমাৰ্জিং ইনফেক্চিয়াছ ডিজিছ সংস্থাৰো নিৰ্দেশক । আনগৰাকী বিজ্ঞানী, ঝিংলো য়াংয়ো এই চেন্টাৰৰ পৰাই আহিছিল
কৰ'ণা ভাইৰাছ সৃষ্ট মহামাৰীৰ বিস্ফোৰণৰ পিচতে ছি, বহুটো বিতৰ্কত সোমাই পৰিছিল, আৰু তেওঁৰ বিৰুদ্ধে বহুতেই তেওঁ কাম কৰা কেন্দ্ৰটোৰ লগতে য়ুহানৰ পৰা এই ভাইৰাছ সৃষ্টি হোৱাক লৈ সমালোচনা কৰিছিল ।