অসম

assam

ETV Bharat / bharat

ভাৰতীয় লোকক সাময়িকভাৱে ইৰাক ভ্ৰমণ বাতিল কৰাৰ নিৰ্দেশ

ইৰাকত হৈ থকা সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ভাৰতীয় নাগৰিকক সাময়িকভাৱে ইৰাক ভ্ৰমণ বাতিল কৰাৰ নিৰ্দেশ দিছে ৷ লগতে ভাৰতীয় বিমান সেৱাতো প্ৰভাৱ পেলাইছে মধ্য প্ৰাচ্যৰ অশান্ত পৰিৱেশে ৷

impact on India
ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়

By

Published : Jan 8, 2020, 11:11 AM IST

Updated : Jan 8, 2020, 12:02 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰীঃ ইৰাকৰ সাম্প্ৰতিক পৰিস্থিতক লৈ চিন্তিত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় ৷ সেয়ে সাময়িকভাৱে ভাৰতীয় সকলক ইৰাক ভ্ৰমণ বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে বৈদেশিক মন্ত্ৰণালয়ে ৷

জানিব পৰা মতে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই স্থগিতাদেশ বাহাল থাকিব ৷ লগতে ইৰাকত থকা ভাৰতীয় সকলকো চলাফুৰাৰ লগতে সকলো ক্ষেত্ৰত সৰ্তক হৈ থাকিবলৈ আহ্বান জনাই বৈদেশিক মন্ত্ৰণালয়ে ৷ ইপিনে মধ্য প্ৰাচ্যৰ অশান্ত পৰিৱেশে ভাৰতীয় বিমান সেৱাতো প্ৰভাৱ পেলাইছে ৷ ইৰাক আৰু ইৰাণৰ আকাশীপথ এৰাই চলিবলৈ ভাৰতীয় বিমান সেৱা বাহিনীক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়ক - তেহৰাণত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ যাত্ৰীবাহী বিমান

Last Updated : Jan 8, 2020, 12:02 PM IST

ABOUT THE AUTHOR

...view details