অসম

assam

ETV Bharat / bharat

ভাৰত-ৰাছিয়াৰ S-400 ক্ষেপণাস্ত্ৰ চুক্তিক লৈ চিন্তা আমেৰিকাৰ

ৰাছিয়াৰ সৈতে ভাৰতে সম্পন্ন কৰা S-400 এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰ চুক্তিক লৈ উদ্ৰেগ প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ৰাছিয়া-ভাৰতৰ মাজত সম্পাদিত চুক্তিত হস্তক্ষেপ কৰিব বিচৰা আমেৰিকা যুক্তৰাষ্ট্ৰই অতি চতুৰতাৰে এই সন্দৰ্ভত নতুন দিল্লীৰ প্ৰয়োজনীয়তাক উল্লেখ কৰিছে ৷

ভাৰত-ৰাছিয়াৰ S-400 ক্ষেপণাস্ত্ৰ চুক্তিক লৈ চিন্তা আমেৰিকাৰ

By

Published : Jun 26, 2019, 2:42 PM IST

Updated : Jun 26, 2019, 2:48 PM IST

নিউজ ডেস্ক, 26 জুনঃভাৰত-ৰাছিয়াৰ মাজত সম্পাদিত S-400 এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰ চুক্তিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ৰাছিয়া-ভাৰতৰ মাজত সম্পাদিত চুক্তিত নতুন দিল্লীৰ সম্ভাৱনীয়তাক উল্লেখ কৰি অতি চতুৰতাৰে হস্তক্ষেপ কৰিব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ ইতিমধ্যে ভাৰতত আহি উপস্থিত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইকেল পামপিওই ভাৰতীয় নেতৃত্বৰ সৈতে এই বিষয়ে আলোচনাত মিলিত হ'ব ৷

S-400 ক্ষেপনাস্ত্ৰ প্ৰণালী

কূটনৈতিক-ৰাজনৈতিক মূল্যাংকণ তথা আমেৰিকান আইনৰ দিশৰ পৰা এই চুক্তি সন্দৰ্ভত মাইকেল পামপিওই ভাৰতীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে তিনিদিনীয়া ভ্ৰমণসূচী লৈ মঙলবাৰে নিশাৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেট মাইকেল পামপিও ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালত ভাৰত-আমেৰিকাৰ মাজত এইখনেই হ'ব শীৰ্ষ পৰ্যায়ৰ আলোচনাচক্ৰ ৷

S-400 এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰৰ বিকল্পৰ সন্ধান কৰিবলৈ কৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতে কাটছা (CAATSA, Countering America's Adversaries Through Sanctions Act) আইনৰ নিয়ম উলংঘা কৰিছে বুলি উল্লেখ কৰিছিল ৷ আনহাতে দহবছৰীয়া আলোচনাৰ অন্তত ভাৰত-ৰাছিয়াৰ মাজত সম্পাদিত চুক্তিক লৈ প্ৰধানমন্ত্ৰী মোডীৰ লগতে তেতিয়াৰ প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত ভাৰতৰ অটল স্থিতি স্পষ্ট কৰিছিল ৷ কাটছাৰ অধীনত আমেৰিকান প্ৰশাসনে ভাৰতক অস্ত্ৰ ক্ৰয় নাইবা অস্ত্ৰ চুক্তি সন্দৰ্ভত ৰেহাই দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰি S-400 এয়াৰ ডিফেন্স ক্ষেপণাস্ত্ৰৰ বিকল্প সন্ধান উলিয়াবলৈ কৈছিল ৷ কিন্তু নতুন দিল্লীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ আইনক নসাৎ কৰি একপ্ৰকাৰে আমেৰিকাৰ শক্তিশালী একনায়কত্ববাদক প্ৰত্যাহ্বান জনাইছিল ৷

Last Updated : Jun 26, 2019, 2:48 PM IST

ABOUT THE AUTHOR

...view details