নিউজ ডেস্ক, ১৮ জুন : লক ডাউনৰ মাজতে ভাৰতবাসীলে সু-খবৰ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ভাৰত নিৰ্বাচন হোৱাৰ পিচতে বৃহস্পতিবাৰে ভাৰতবৰ্ষক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বৰ্তমান ভাৰতে নতুন উদ্যম আৰু শক্তিৰে বিশ্ববাসীৰ বাবে কাম কৰিবলৈ সক্ষম বুলি জনাই ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অষ্টমবাৰৰৈ নিৰ্বাচিত ভাৰত, আমেৰিকাৰ শুভেচ্ছা আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনথ জেষ্টৰে এক টুইটযোগে ভাৰতবৰ্ষক অভিনন্দন জ্ঞাপন কৰে ।
২০২১ চনৰ জানুৱাৰীৰ পৰা দুই বছৰৰ অস্থায়ী সদস্যৰ বাবে ভাৰতক নিৰ্বাচন কৰা হৈছে । ১৯২ খন সদস্য ৰাষ্ট্ৰই মাস্ক পিন্ধি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল । ২০২১ চনৰ বাবে ভাৰত, নৰৱে, আয়াৰলেণ্ড আৰু মেস্কি'কোৰ সৈতে অস্থায়ী ৰাষ্ট্ৰ আৰু স্থায়ী সদস্য ৰাষ্ট্ৰৰ সৈতে এখন শক্তিশালী কমিটি তৈয়াৰ কৰিছে ।
উল্লেখযোগ্য যে, ভাৰতবৰ্ষ অষ্টম বাৰৰ বাবে অস্থায়ী সদস্য ৰাষ্ট্ৰৰ আসনত বহিব । ইয়াৰ আগতেও ভাৰতে ১৯৫০-৫১, ১৯৬৭-৬৮, ১৯৭২-৭৩, ১৯৭৭-৭৮, ১৯৮৪-৮৫, ১৯৯১-৯২ আৰু ২০১১-১২ চনত সদস্য ৰাষ্ট্ৰ হিচাপে নিৰ্বাচিত হৈছিল ।
লগতে পঢ়ক : সাহিত্য সভাৰ মঞ্চখন জাতীয় জীৱনৰ মঞ্চ হিচাপে গ্ৰহণ কৰিব পাৰে:কুলধৰ শইকীয়া