নেশ্যনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী: ভাৰত-আমেৰিকাৰ সামৰিক অনুশীলনত অংশ ল'বলৈ অহা আমেৰিকাৰ এগৰাকী সেনাৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মঙলবাৰে এই কথা পোহৰলৈ আহে । ৰাজস্থানৰ মহাজন ফায়াৰিং ৰেঞ্জত অনুষ্ঠিত হৈ থকা ১৬ সংখ্যক 'যুদ্ধ অভ্যাস' শীৰ্ষক ভাৰত-আমেৰিকাৰ সামৰিক অনুশীলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল ২২ বছৰীয়া সেনা জোৱানগৰাকী ।
বিকানেৰস্থিত চৰ্দাৰ পেটেল মেডিকেল কলেজত পঞ্জীয়ন কৰা COVID-১৯ত আক্ৰান্তৰ তালিকাত আছে মাৰ্কিন সেনাগৰাকীৰ নাম । সোমবাৰৰ পৰা ৰাজস্থানৰ মহাজন ফায়াৰিং ৰেঞ্জৰ পশ্চিম ছেক্টৰত ভাৰত আৰু আমেৰিকাৰ সেনা বাহিনীয়ে অনুশীলন চলাই আছে । অৱশ্যে, মাৰ্কিন সৈন্যগৰাকী মহামাৰীত আক্ৰান্ত হোৱা সন্দৰ্ভত বিষদ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে সেনাৰ মুখপাত্ৰ । আনহাতে, এই সন্দৰ্ভত চৰ্দাৰ পেটেল মেডিকেল কলেজৰ অধ্যক্ষ তথা হাস্পতালৰ অধীক্ষকগৰাকীয়েও অনুসন্ধান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে ।