অসম

assam

ETV Bharat / bharat

ৰাজস্থানত পুৱাৰে পৰা আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচন

ৰাজস্থানৰ 20খন জিলাত আজি পুৱাৰে পৰা আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচন ৷ পুৱা 8বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷ জিলা কেইখনৰ 90টা পৌৰ এলেকাত অনুষ্ঠিত হৈছে এই নিৰ্বাচন ৷

By

Published : Jan 28, 2021, 11:00 AM IST

ৰাজস্থানত পুৱাৰে পৰা আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচন
ৰাজস্থানত পুৱাৰে পৰা আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচন

নিউজ ডেস্ক,28জানুৱাৰী:আজি ৰাজস্থানৰ 20খন জিলাৰ 90টা পৌৰ এলেকাত অনুষ্ঠিত হৈছে পৌৰ নিগমৰ নিৰ্বাচন ৷ ৰাজস্থানৰ ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে এই কথা ৷ আজি দিনৰ ৮ বজাৰ পৰা আবেলি ৫ বজালৈ অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া । ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত পি এছ মেহৰাই COVID-19ৰ সকলো নিৰ্দেশনা মানি ৰাজ্যৰ ভোটাৰ সকলক ভোট দান কৰিবলৈ আহ্বান জনাইছে ।

আজমেৰ,বনশ্বাৰা, বিকানেৰ, ভিলৱাৰা,বুন্দি, প্ৰতাপগড়, চিট্টুৰগড়, চুৰু, দুংগাৰপুৰ, হনুমানগড়, জয়শেলমেৰ,জালোৰ, ঝালাৱাৰ, ঝুনঝুন, নাগৰ,পলি, ৰাজচামণ্ড, চিকাৰ, টংক আৰু উদয়পুৰ জিলাৰ স্থানীয় সংস্থা সমূহত ভোটগ্ৰহণ অনুষ্ঠিত হয় । মুখ্য নিৰ্বাচন আয়ুক্ত মেহৰাই প্ৰকাশ কৰা অনুসৰি, আবেদনকাৰীৰ অন্তিম দিনলৈকে ১৫,১০১ গৰাকী প্ৰাৰ্থীয়ে ১৮,৫১০ খন মনোনয়ন পত্ৰ দাখিল কৰিছিল । মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পিছত বৰ্তমান ৯,৯৩০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলৈ বাকী আছে বুলি জানিব পৰা গৈছে । ইফালে,সকলো ভোটাৰকে মাস্ক পিন্ধি ভোট দান কৰিব লাগিব আৰু ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে সকলোৱে হাত চেনিটাইজ কৰা আৰু ভোটদানৰ সময়ত ক'ভিড প্ৰটকল মানি সকলোকে ভোটদান কৰিবলৈ নিৰ্দেশ দিয়ে মেহৰাই ৷ ভোটদানৰ সময়ত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মেহৰাই ৷ ভোটাৰ,প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থক সকলক ভোটকেন্দ্ৰত ভিৰ বা গোটত থিয় নহ'বলৈও আহ্বান জনায় আয়ুক্ত গৰাকীয়ে ।

৯০ টা সংস্থাৰ ৩,০৩৫ টা ৱাৰ্ডৰ বাবে ৫,২৫৩ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । য'ত মুঠ ৩০,২৮,৫৪৪ জন ভোটাৰ আছে ৷ ইয়াৰ ভিতৰত ১৫,৪৭,৯৭৪ গৰাকী পুৰুষ, ১৪,৮০,৫১৪ গৰাকী মহিলা আৰু আন ৫৬ জন ভোটাৰে ভোটদান কৰিব বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচন আয়োগৰ আয়ুক্ত গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,ভোটদান কাৰ্যসূচী যাতে শান্তিপূৰ্ণ ভাৱে হৈ যায় ইয়াৰ বাবে ভোটকেন্দ্ৰ সমূহত নিয়োগ কৰা হৈছে পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী বাহিনী ৷ এই নিৰ্বাচনত ৮,৩২৮ টা ইভিএম মেচিন ব্যৱহাৰ কৰা হ'ব । ৩,০৩৫ টা ৱাৰ্ডৰ বাবে ৫,২৫৩ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । আয়োগে নিৰ্বাচন সম্পৰ্কীয় যিকোনো অভিযোগৰ তাৎক্ষণিক সমাধানৰ বাবে জয়পুৰৰ মুখ্য কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে বুলি আয়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

অন্য এক খবৰৰ বাবে: কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details