নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : শ্ৰীনগৰৰ জিলা দণ্ডাধীশ শ্বাহীদ ইকবাল চৌধাৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সাহাৰ্য প্ৰদানৰ ফ'টো আৰু ভিডিঅ' আপলোডত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷
জিলা দণ্ডাধীশে প্ৰদান কৰা নিৰ্দেশ অনুসৰি, দূৰ্যোগ ব্যৱস্থাপনা আইন, 2005 ৰ অধীনত ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো লোকে সাহাৰ্য প্ৰদানৰ ফ'টো আৰু ভিডিঅ' আপলোড কৰিব নোৱাৰিব ৷
ইয়াৰ লগতে তেওঁ কয় যে, "যিবোৰ অঞ্চল নিষিদ্ধ ঘোষণা কৰা হ'ব সেই অঞ্চলসমূহত কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালিন সেৱাহে প্ৰৱেশ কৰিব পাৰিব ৷"
জিলাখনৰ দূৰ্যোগ ব্যৱস্থাপনা মেনেজমেন্ট এজেন্সীৰ NGO cell ৰ সহযোগিতাতহে অন্য NGO আৰু সাহাৰ্য সেৱাসমূহ প্ৰদান কৰিব পৰা যাব ৷
উল্লেখ্য যে, শ্ৰীনগৰ জিলাৰ বাসিন্দাৰ সেৱাৰ বাবে প্ৰায় 30 টাকৈ বেচৰকাৰী সংস্থাক নিয়োগ কৰিছে প্ৰশাসনে ৷