নিউজ ডেস্ক, ২ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ চামলী জিলাত বৃহস্পতিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত হাস্পতালত কোৱাৰেণটাইন হৈ থকা এজন ব্যক্তিয়ে আত্মহত্যা কৰে । ৪০ বছৰীয়া ব্যক্তিজনৰ হাস্পতালৰ চাদত ডিঙিত ৰচী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় ।
উত্তৰ প্ৰদেশত কৰ'ণাত আক্ৰান্তৰ সন্দেহত হাস্পতালত ভৰ্তি হোৱা ব্যক্তিৰ আত্মহত্যা - কৰ'ণা ভাইৰাছ
বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাস্পতালত কোৱাৰেণটাইন হৈ থকা ব্যক্তিৰ আত্মহত্যা । ৪০ বছৰীয়া ব্যক্তিজনে হাস্পাতালৰ চাদত আত্মহত্যা কৰে বুলি সদৰী কৰে আৰক্ষীয়ে ।
উত্তৰ প্ৰদেশত কৰ'ণাত আক্ৰান্তৰ সন্দেহত হাস্পতালত ভৰ্তি হোৱা ব্যক্তিৰ আত্মহত্যা
আৰক্ষীৰ ভাষ্য অনুসৰি, বৰ্তমানলৈকে ব্যক্তি গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ।
আনহাতে, চামলীৰ ডিএম য়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা অনুসৰি, ব্যক্তিজনক মঙলবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ ৰিপোৰ্ট লাভ কৰাৰ আগতেই ব্যক্তিজনে হাস্পতালত আত্মহত্যা কৰে ।