অসম

assam

ETV Bharat / bharat

গেংষ্টাৰ বিকাশ ডুবেইৰ সন্ধানত গোৱালিয়ৰৰ হোটেলত আৰক্ষীৰ তালাচী - বিকাশ ডুবেইৰ সন্ধান

উত্তৰ প্ৰদেশ আৰক্ষীৰ 8 গৰাকীকৈ জোৱানক হত্যা কৰা বিকাশ ডুবেইৰ সন্ধান অব্যাহত ৰাখিছে ৰাজ্যখনৰ বিশেষ আৰক্ষী বাহিনী আৰু STF জোৱানে । যোৱা জুলাইত কানপুৰৰ পালগড়ত সতীৰ্থৰ সৈতে মিলি 8 গৰাকীকৈ আৰক্ষীক হত্যা কৰাৰ পাচত আজি পৰ্যন্ত পলাতক হৈ আছে মূল অপৰাধী বিকাশ ডুবেই ।

বিকাশ ডুবেইৰ সন্ধানত গোৱালিয়ৰৰ হোটেলত আৰক্ষীৰ তালাচী
বিকাশ ডুবেইৰ সন্ধানত গোৱালিয়ৰৰ হোটেলত আৰক্ষীৰ তালাচী

By

Published : Jul 8, 2020, 6:57 PM IST

গোৱালিয়ৰ, 8 জুলাইঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিকাশ ডুবেইৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । বুধবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ দল এটাৰ সৈতে STFয়ে গোৱালিয়ৰ হোটেলত গেংষ্টাৰ জনক বিচাৰি তালাচী চলাইছিল । আৰক্ষীৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি বিকাশ ডুৱে গোৱালিয়ৰত লুকাই থাকিব পাৰে বুলি এক সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল । তাৰ পিচতেই তেওঁলোকে ৰাজ্যখনৰ মষ্ট ওৱান্টেট অপৰাধীজনক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল ।

STF আৰু আৰক্ষীৰ বিশেষ দলটোৱে অস্ত্ৰৰে সু-সজ্জিত হৈ হোটেলত তালাচী চলাইছিল । কিন্তু হোটেলত ডুবেই নাই বুলি প্ৰকাশ কৰে দলটোৱে ।

ইপিনে যোগী আদিত্যনাথ চৰকাৰে অপৰাধী বিকাশ ডুবেইৰ সন্ধান দিয়া লোকক দিবলগীয়া পুৰষ্কাৰৰ ধনৰ পৰিমান বৃদ্ধি কৰিছে । পূৰ্বৰ 2.5 লাখ টকাৰ পৰিৱৰ্তে 5 লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে চৰকাৰে । প্ৰথমে অপৰাধী জনৰ বাবে ধাৰ্য কৰা হৈছিল 50,000 টকাৰ পুৰষ্কাৰ । তাৰ পাচত ইয়াৰ পৰিমান 1 লাখ টকালৈ বৃদ্ধি কৰা হয় । 1 লাখৰ পাচত ইয়াৰ পৰিমান 2.5 লাখ আৰু তাৰ পাচত এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে । কোনো লোকে বিকাশ ডুবেইৰ সন্ধান দিব পাৰিলে লাভ কৰিব এই পুৰষ্কাৰ ।

উল্লেখ্য যে, 60 টাৰো অধিক আৰক্ষীৰ দল বিকাশ ডুবেইৰ সন্ধানত নামি পৰিছে । ইপিনে বুধবাৰে পুৱাৰ ভাগত বিকাশ ডুবেইৰ এজন সহযোগী আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় । নিহত সহযোগী জনৰ নাম অমৰ ডুবেই । হামিৰপুৰ জিলাত হোৱা সংঘৰ্ষত নিহত হয় অমৰ । ইপিনে কানপুৰত হোৱা আন এক সংঘৰ্ষৰ পাচত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্যামু বাজপেই নামৰ আন এজন সহযোগীক ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ কানপুৰত আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত বিকাশ ডুবেইক কৰায়ত্ব কৰিবলৈ যোৱাৰ সময়ত সহযোগীৰ সৈতে মিলি বিকাশ ডুবেই নামৰ গেংষ্টাৰ জনে হত্যা কৰিছিল 8 গৰাকী আৰক্ষীক । তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছে কুখ্যাত অপৰাধীজন ।

ABOUT THE AUTHOR

...view details